ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ এপ্ৰিলঃ দেশ তথা ৰাজ্যৰ ২০১৮ চনৰ শ্ৰেষ্ঠ কৃষক বঁটাৰে সন্মানিত মৰিগাঁও জিলাৰ দুৱনি পদুম পুখুৰীৰ সোণাৰাম বনিয়াৰ কৃষি ফাৰ্মত উপস্থিত হল টাইৱানৰ পৰা অহা World Vegetable Cantarৰ কৃষি বিজ্ঞানী Dr Paola Sotelo Cardona (Scientist Entomology) আৰু Dr Sopana Yule (Research Specialist Entomology) ।দুয়োগৰাকী কৃষি বিজ্ঞানীয়ে বনিয়াৰ ৩ বিঘা মাটিত কৰা ভোট জলকীয়া খেতি প্ৰত্যক্ষ কৰি অভিভূত হয়।কৃষি পামতে থকা অৰ্কিডখিনি পৰিদৰ্শন কৰি আপ্লুত হয়। বনিয়াই জনোৱা মতে ৱৰ্ল্ড ভিজিটেবল চেণ্টাৰে APARTৰ জৰিয়তে বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰে। সেই মৰ্মেই কালি টাইৱানৰ পৰা কৃষি বিজ্ঞানী দুগৰাকী মৰিগাঁৱত উপস্থিত হয়। সোণাৰাম বনিয়াই কবিন্দ্ৰ ডেকাৰ সহযোগত জৈৱিক খেতি কৰি আহিছে। পূৰ্বে তেওঁ হংকং আৰু ডুবাইলৈ অমিতা ৰপ্তানি কৰিছিল। সম্প্ৰতি ১০ হাজাৰ ব্ৰইলাৰ কুকুৰাৰ ফাৰ্ম চলাই আছে। কেপচিকামকে ধৰি বিভিন্ন খেতি কৰি অহা বনিয়াক ২০১৮ চনত ৰাজ্যৰ আৰু দেশৰ অন্যতম শ্ৰেষ্ঠ কৃষকৰূপে সন্মানিত কৰা হৈছিল।