অসমৰ পৰা ভূটানলৈ ৰে’ল সংযোগ

0 42

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ জুন : ভাৰত চৰকাৰে চুবুৰীয়া দেশ বাংলাদেশ আৰু নেপাললৈ ৰে’ল যোগাযোগ স্থাপন কৰাৰ পাছত এইবাৰ হিমালয়ৰ দেশ ভূটানলৈ ৰে’ল সংযোগ ঘটোৱাৰ পৰিকল্পনা হাতত লৈছে। প্ৰকৃততে আজি প্ৰায় দুটা দশকৰ আগেয়েই ইয়াৰ চিন্তা-চৰ্চা আৰম্ভ হৈছিল। ২০০৫ চনৰ ২৫ জানুৱাৰীত দুয়োখন দেশৰ মাজত ৰে’ল সংযোগ ঘটোৱাৰ বাবে এখন বুজাবুজিৰ চুক্তিতো স্বাক্ষৰ হৈছিল। এই অনুসৰি ভাৰত আৰু ভূটানৰ মাজত পাঁচটা ৰে’ল কৰিডৰ চিনাক্ত কৰা হৈছিল। এই পাঁচটা কৰিডৰ আছিল, অসমৰ পাঠশালাৰ পৰা ভূটানৰ নাংলাম(৫১.১৫ কিলোমিটাৰ), ৰঙিয়াৰ পৰা ছানদ্ৰুপজংখাৰ(৪৮ কিলোমিটাৰ), কোকৰাঝাৰৰ পৰা গেলেফু(৫৭.৫ কিলোমিটাৰ), পশ্চিমবঙ্গৰ মুজনাইৰ পৰা ছামছে(৩৭.৫ কিলোমিটাৰ) আৰু হাছিমৰাৰ পৰা ফুণ্টছ’লিং(১৭.৫২ কিলোমিটাৰ)। ভাৰতীয় ৰে’লৰ সূত্ৰৰ পৰা জানিব পৰা মতে পশ্চিমবঙ্গৰ মুজনাইৰ পৰা ভুটানৰ ছামছেলৈকে ৩৭.৫ কিলোমিটাৰ ৰে’লপথৰ জৰীপ কাৰ্য ২০২০ চনতেই সম্পূৰ্ণ হৈছে। শেহতীয়াকৈ জানিব পৰা মতে, ভাৰতৰ ৰে’ল ব’ৰ্ডে উত্তৰ পূব সীমান্ত ৰে’লৱেক কোকৰাঝাৰ আৰু গেলেফুৰ মাজৰ ৫৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথছোৱাৰ বাবে অভিযান্ত্ৰিক আৰু ট্ৰেফিকৰ প্ৰাথমিক জৰীপৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতীয় ৰে’লৱেই জনোৱা মতে ভাৰত আৰু ভূটানৰ মাজত ৰে’ল যোগাযোগৰ যথেষ্ট চাহিদা আছে। ভাৰত চৰকাৰে এক্ট ইষ্ট নীতিৰ আধাৰত চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থা ক্ষীপ্ৰতৰ কৰি তুলিলে অসম প্ৰত্যক্ষ ভাৱে লাভবান হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.