অসমৰ বান : এতিয়াও ক্ষতিগ্ৰস্ত ২.৫ লাখৰো অধিক অসমঅৰ্থনীতিট্ৰেণ্ডিং By শতাব্দ On Jul 14, 2022 0 18 শ্বেয়াৰ কৰক শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুলাই : ১৩ জুলাই পৰ্যন্ত অসমৰ বান পৰিস্থিতি যথেষ্ট উন্নতি ঘটিলেও এই দুৰ্যোগৰ ফলত এতিয়াও ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ১৩ জুলাই বুধবাৰলৈকে সাতখন জিলাৰ দহটা ৰাজহ চক্ৰৰ ৩৪৯খন গাঁও বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈয়েই আছে। এই জিলাসমূহত মুঠ ২,৫০,২৯৮ জন লোক আৰু ৬৫১.৪০ হেক্টৰ ভূমি বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে। এ এছ ডি এম এয়ে আৰু কয় যে এতিয়া ৭১টা সাহায্য শিবিৰত মুঠ ১৭,০১৪ জন লোকক ৰখা হৈছে আৰু পাঁচটা সাহায্য বিতৰণ কেন্দ্ৰ এতিয়াও কাৰ্যক্ষম হৈ আছে। প্ৰতিবেদনত আৰু কোৱা হৈছে যে, ১৩ জুলাইত আৰু এজন নতুনকৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। জীৱ-জন্তুৰ ক্ষেত্ৰত ৰাজ্যখনত ৭১,৮৩৯টা জীৱ-জন্তু প্ৰভাৱিত হোৱাৰ বাতৰি প্ৰকাশ পাইছে। একাংশ খবৰ অনুসৰি বানপানীত হোৱা মুঠ ক্ষয়-ক্ষতি প্ৰায় ১০ হাজাৰ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। 0 18 শ্বেয়াৰ কৰক FacebookTwitterGoogle+ReddItWhatsAppPinterestইমেইল