শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ ডিচেম্বৰঃ নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত অসম কলেজ শিক্ষক সংস্থাৰ ৬৭সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা ৮ বজাত প্ৰতিনিধি পঞ্জীয়নৰে আৰম্ভ হয়। পুৱা ৯ বজাত অনুষ্ঠিত হয় পতাকা উত্তোলনৰ কাৰ্যসূচী। উক্ত কাৰ্যসূচীত অসম কলেজ শিক্ষক সংস্থাৰ তথা লখিমপুৰ মণ্ডলৰ অন্তৰ্গত তেৰখন কলেজৰ পতাকা উত্তোলন কৰা হয়। সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি হিমাংশু মড়লে আৰু কলেজসমূহৰ পতাকা সংশ্লিষ্ট অধ্যক্ষসকলে উত্তোলন কৰে। মড়লে তেওঁৰ পতাকা উত্তোলনৰ ভাষণত অসম কলেজ সংস্থাৰ বৰ্ধিত দায়িত্ব তথা সামগ্ৰিকভাৱে শিক্ষকসকলৰ সামাজিক দায়িত্বৰ কথা কয়। তাৰ পাছতে পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰা হয়। তৰ্পণ কৰে সংস্থাৰ সাধাৰণ সম্পাদক ড° জয়ন্ত বৰুৱাই। দিনৰ ৯ বাজি ৪০ মিনিটত গ্ৰন্থমেলাৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আৰু ৯ বাজি ৫০ মিনিটত কলা বীথিকা উন্মোচন কৰা হয়। দিনৰ ১০ বজাৰ পৰা নৰ্থ লখিমপুৰ কলেজৰ ৰংঘৰ প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে হিমাংশু মড়লে। সংস্থাৰ পৰা প্ৰকাশিত কেইবাখনো কিতাপ উক্ত সভাত উন্মোচন কৰা হয়। উন্মোচক হিচাপে উপস্থিত থাকে ড° নিৰোদ বৰুৱা, উপাচাৰ্য, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়; বাবুল বৰা, প্ৰধান সম্পাদক, শংকৰ সংঘ; ড° ৰঞ্জন কলিতা, সাধাৰণ সম্পাদক, অসম কলেজ অধ্যক্ষ পৰিষদ; ড° জ্ঞানদ্বীপ শইকীয়া, সাধাৰণ সম্পাদক, অসম কলেজ গ্ৰন্থাগাৰিক সংস্থা, ৰুক্ম গোঁহাই বৰুৱা, অধ্যক্ষ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, উদয় শংকৰ হাজৰিকা, বিশিষ্ট সমাজসেৱক। উক্ত সভাতে অভ্যৰ্থনা সমিতিৰ স্মৃতিগ্ৰন্থ – “লখিমপুৰ কথন” উন্মোচন কৰা হয়। দিনৰ ১১বাজি ৩০ মিনিটৰ পৰা – হিমাংশু মড়লৰ পৌৰোহিত্যত “নতুন পেঞ্চন আঁচনি” সন্দৰ্ভত এখনি বিশেষ আলোচনা সভা অনুষ্ঠিত কৰা হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু কোষাধ্যক্ষ আব্দুল ৰৌফ। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গৌতম গগৈ, সাধাৰণ সম্পাদক, সদৌ অসম কলেজ কৰ্মচাৰী সংস্থা। মধ্যাহ্ন ভোজনৰ পাছতে – “ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ পৰিপ্ৰেক্ষিতত অসমৰ কলেজীয়া শিক্ষাৰ ভৱিষ্যৎ” শীৰ্ষক শৈক্ষিক সভা অনুষ্ঠিত হয়। সভাত ধাৰণা টোকা উত্থাপক হিচাপে থাকে প্ৰাঞ্জল গগৈ, শৈক্ষিক সম্পাদক, অসম কলেজ শিক্ষক সংস্থা আৰু মুখ্য বক্তা হিচাপে উপস্থিত থাকে ড° চন্দন কুমাৰ শৰ্মা, মুৰব্বী অধ্যাপক, ইতিহাস বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়। সন্ধিয়া ৫ বজাৰ পৰা প্ৰতিনিধি সভা আৰম্ভ হয়। উক্ত সভা উদ্বোধন কৰে সংস্থাৰ প্ৰাক্তন সভাপতি বিশ্বজিত ভূঞাই। লখিমপুৰ মণ্ডলৰ সভাপতি ড° দিগন্ত হাতীবৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। দিনটোৰ আটাইকেইটা কাৰ্যসূচীৰ সভাপতিত্ব কৰে হিমাংশু মড়লে আৰু সামগ্ৰিকভাৱে আঁত ধৰে সম্পাদক ড° জয়ন্ত বৰুৱাই। নিশা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ মুকলি মঞ্চত লখিমপুৰ মণ্ডলৰ ১৩ খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়।