শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৮ এপ্ৰিল : গ্ৰন্থাগাৰ হৈছে জ্ঞানৰ অন্তৰ । ইয়াৰ জৰিয়তে সামগ্ৰিক ভাবে জ্ঞান আহৰণ কৰি নিজকে সমৃদ্ধ কৰিব পাৰি । সামাজিক, বৈজ্ঞানিক, ব্যৱসায়িক তথা সামুহিক সকলো দিশতে গ্ৰন্থাগাৰে ভিন্নধৰ্মী দৃষ্টিভংগীৰে সহায় কৰে । অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুষ্ঠিত হোৱা দেশৰ কৃষি গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ দ্বিতীয় আন্তৰাষ্ট্ৰীয় সন্মিলনখন উদ্বোধন কৰি এই মত ব্যক্ত কৰে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে । দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত সন্মিলনৰ উদ্বোধনী বক্তব্যত তেখেতে লগতে কয় যে এটা ভাল গ্ৰন্থাগাৰে জ্ঞানৰ পৰিপূৰ্ণতাৰ দিশত আগুৱাই যোৱাত সহায় কৰিব পাৰে । সঠিক গ্ৰন্থাগাৰ ব্যৱস্থাপনাই জ্ঞানৰ সমৃদ্ধিৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বৰ্তমানৰ পৰিবৰ্তিত সময়ত পুথিগত ব্যৱস্থাৰ উপৰি ডিজিটেল ইনফৰমেশ্যনৰ জৰিয়তেও তথ্য তথা তথ্যপ্ৰযুক্তিৰ দিশত আগুৱাব পৰা গৈছে । সমান্তৰালভাবে অধিক মাত্ৰাত জ্ঞান সম্প্ৰসাৰণ ঘটোৱাও সম্ভৱ হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ মুখ্য গ্ৰন্থাগাৰিক ড° চন্দন হাজৰিকাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই বক্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত তেখেতে কয় যে জ্ঞান হল সম্ভাৱনাপূৰ্ণ শক্তি । তথ্যই আমাক অধিক জ্ঞান আহৰণত সহায় কৰে । যি জ্ঞানে আমাক সমৃদ্ধ কৰি আগুৱাই যোৱাত সৰ্বতোপ্ৰকাৰে সহায় কৰে । প্ৰিয়দৰ্শিনী ভৰালী আৰু নিতুমিকা গগৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত ভাৰতৰ কৃষি গ্ৰন্থাগাৰিক আৰু তথ্য সংগ্ৰাহক সংস্থাৰ সভাপতি তথা আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গ্ৰন্থাগাৰিক ড° বিৰাণ জানে ইউলুৱে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকায়ো বক্তব্য আগবঢ়ায় । অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাই উপস্থিত থকা এই অনুষ্ঠানতে সন্মিলন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ আৰু এখন কাৰ্যক্ৰমণিকা চি ডি ও ঊন্মোচন কৰা হয় ।উদ্বোধনী অনুষ্ঠানতে গ্ৰন্থাগাৰিক সকলৰ ভিতৰত কেবাটাও শাখাত ৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্টতাপূৰ্ণ প্ৰদৰ্শন কৰা সকলক বঁটা প্ৰদান কৰা হয় ।উদ্বোধনী অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই হেমন্ত গোহাঁয়ে । উল্লেখ্য যে ভাৰতৰ কৃষি গ্ৰন্থাগাৰিক আৰু তথ্য সংগ্ৰাহক সংস্থা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰেভাৰেণ্ড বি এম পিউ গ্ৰন্থাগাৰৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে। সন্মিলনত ‘কৃষি গ্ৰন্থাগাৰত উদ্ভাৱন, বৃদ্ধি আৰু বহনক্ষমতা’ শীৰ্ষক বিষয়ত দেশ বিদেশৰ প্ৰতিনিধিয়ে ৭৫ খনৰো অধিক গৱেষণা পত্ৰ পাঠ কৰিব। আমেৰিকা, কানাডাকে ধৰি কেবাখনো বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অনলাইনযোগে এই সন্মিলনত অংশ গ্ৰহণ কৰিছে। সন্মিলনৰ লগত সংগতি ৰাখি এখন গ্ৰন্থমেলাও অনুষ্ঠিত হৈছে ।
