শতাব্দ প্ৰতিনিধি, যোৰহাট,১৮ জুলাইঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা আৰু যোগাযোগ পৰিচালনা বিভাগত ১৫ জুলাইত ‘অৰ্থনৈতিক স্বাবলম্বীতাৰ জৰিয়তে নাৰী সৱলীকৰণ’ বিষয়ত এটি প্ৰশিক্ষণ অনুষ্ঠিত হয়। এদিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত যোৰহাট জিলাৰ বিভিন্ন স্থানৰ নিৰ্বাচিত ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। সম্প্ৰসাৰণ শিক্ষা আৰু যোগাযোগ পৰিচালনা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° জুলিয়ানা শৰ্মা আৰু সহকাৰী অধ্যাপিকা ড° চয়নিকা বৰাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা প্ৰশিক্ষণটোত বিজ্ঞানসন্মতভাবে আচাৰ তৈয়াৰ কৰি কেনেকৈ ক্ষুদ্ৰ উদ্যোগী হিচাপে নিজকে প্ৰতিস্থাপিত কৰিব পাৰি আৰু ইয়াৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বীতা অৰ্জনৰ ওপৰত বিশেষভাবে প্ৰশিক্ষণ দিয়া হয়।