অসম কৃষি বিশ্ববিদ্যালয়ত গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম দ্বিশতবাৰ্ষিকী পালন

0 21
শতাব্দ প্ৰতিনিধি, যোৰহাট ,২০ জুলাইঃ জীৱ বিজ্ঞানৰ বংশগতি তত্বৰ উদ্ভাৱক তথা ‘ফাদাৰ অৱ জেনেটিক্স’  খ্যাত  গ্ৰেগৰ জোহান মেণ্ডেলৰ  জন্মদ্বিশতবাৰ্ষিকী কাৰ্যসূচী আজি যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ত পালন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ বংশগতি আৰু উদ্ভিদ প্ৰজনন বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বক্তব্যত ভাৰপ্ৰাপ্ত কৃষি বিজ্ঞানগুৰু ড° এম কে মোডীয়ে কয় যে কোনো এটা দিশত লাভ কৰা স্বীকৃতিৰ উৰ্ধত গৈ সামগ্ৰিকভাবে জেনেটিক্সৰ পিতৃ সন্মান  লাভ কৰা পৰিক্ৰমালৈ যি উত্তৰণ সেয়া আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। আৱিস্কাৰ তথা সামগ্ৰিক গৱেষণাৰ দিশত তেখেতৰ অৱদানৰ জৰিয়তে আমি এই দিশৰ লগত জৰিতসকল উজ্জীৱিত হ’ব পাৰো। অধ্যাপক পূৰ্ণ বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰণৱ তালুকদাৰেও বক্তব্য আগবঢ়ায়। আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ তিতাবৰৰ সহযোগত অনুষ্ঠিত সভাখনত অনলাইন ব্যৱস্থাৰে আইৱা ষ্টেট ইউনিভাৰ্চিটিৰ ইউ এচ এ ৰ ড° এম কে ভট্টাচাৰ্য আৰু  চেন্ট্ৰেল লংকাশ্বায়াৰ ইউনিভাৰ্চিটিৰ প্ৰিষ্টন (ইউ কে) ৰ ড° বজিলুল বাহাৰে বক্তব্য আগবঢ়ায়।বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰিচা বৰাই মেণ্ডেলৰ জীৱন আৰু কৰ্মপদ্ধতি সম্পৰ্কে দৃশ্যশ্ৰাব্য ব্যৱস্থাপনাৰে আলোকপাত কৰা সভাখনত প্লেন্ট ব্ৰিডিঙ এণ্ড জেনেটিক্স  বিভাগৰ মুৰব্বী ড° কিশোৰ কুমাৰ শৰ্মাইও বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে মেণ্ডেলৰ জন্ম শতবৰ্ষ উপলক্ষে আয়োজিত কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ৰিমঝিম বৰুৱা -বৈশালী কলিতাৰ দল, দ্বিতীয় স্থান লাভ কৰা ভাস্কৰ জ্যোতি কলিতা -বিপ্লৱ টাই ৰ দল আৰু তৃতীয় স্থান লাভ কৰা দীপজ্যোতি বৰ্মণ- অৰ্পণ বুঢ়াগোহাঁইৰ দলক পুৰস্কাৰ প্ৰদান কৰা হয় ।
মন্তব্য দিয়ক

Your email address will not be published.