অসম কৃষি বিশ্ববিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

কৰ্মচাৰীয়ে নিজকে কৰ্মচাৰীৰ পৰা কৰ্মযোগীলৈ পৰিবৰ্তিত কৰিব লাগিব - উপাচাৰ্য ড° ডেকা

0 25

শতাব্দ প্ৰতিনিধি, যোৰহাট,১৫ আগষ্ট : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস অসম কৃষি বিশ্ববিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় ।বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মাৰ্চপাৰ্চৰ অভিবাদন গ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । যোৰহাটৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বক্তব্য ৰাখি উপাচাৰ্য গৰাকীয়ে কয় যে দেশৰ প্ৰতি উৎসৰ্গিত মনোভাবেৰে প্ৰত্যেক কৰ্মচাৰীয়ে নিজকে কৰ্মচাৰীৰ পৰা কৰ্মযোগীলৈ পৰিবৰ্তিত কৰিব লাগিব ।নীতিৰ পৰা নীতিলৈ পৰিবৰ্তন কৰি মানসিকতাৰ পৰিবৰ্তন ঘটালেহে আমি সফল হব পাৰিম আৰু দেশখনকো আগবঢ়াই নিব পাৰিম । আমি আমাৰ দেশক আগবঢ়াই নিবলৈ যিমানেই কষ্ট স্বীকাৰ কৰিব লাগে আমি সাজু থাকিব লাগে । কেনেকৈ গ্ৰাম্য অৰ্থনীতি পৰিবৰ্তন কৰিব পাৰো কৃষি অৰ্থনীতি আৰু বেছি আগবঢ়াই নি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ যি সপোন সাকাৰ কৰাৰ দিশত আগবাঢ়িব পাৰি সেই দিশত আমিও আগুৱাব লাগিব । শেহতীয়া নীতি আয়োগৰ অধিবেশনত তৈল মাহজাতীয় আৰু মিলেট প্ৰমচনৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি কয় যে ভাৰতীয় শিক্ষা আৰু গৱেষণাৰ ওপৰত যথেষ্ট জোৰ দিয়া হৈছে। ইতিমধ্যে আমি অসম কৃষি বিশ্ববিদ্যালয়েও ১৭ দফীয়া আঁচনি ঘোষণা কৰিছো । আজাদী অমৃত মহোৎসৱৰ সময়তে দুটা সিদ্ধান্ত গ্ৰহণ কৰি কৃষি শিক্ষাক অধিক আগবঢ়াই অধিক মান্যতা দিবৰ কাৰণে আমি অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিঙ প্লেটফৰ্ম নামৰ নতুন প্লেটফৰ্ম সৃষ্টি কৰিছো ।যাৰ জৰিয়তে স্কীল শিক্ষা দি নব প্ৰজন্মক আকৰ্ষিত কৰিব বিচাৰিছো । তদুপৰি ৱাইল্ড লাইফ হেল্থ এণ্ড ৰিচাৰ্চ আৰম্ভ কৰিব বিচাৰিছো । ভাৰতৰ কৃষি শিক্ষাত অহা আমুল পৰিবৰ্তনৰ সৈতে ৰজিতা খুৱাই শিক্ষানীতি আগুৱাই নিম । আৰু এনেকৈ কৃষিক আগবঢ়াই নিবলৈ নতুন জাত- প্ৰযুক্তি উদ্ভাৱন কৰা হব । দ্বিতীয় বৰ্ষৰ পৰা এনে কিছুমান লৰা-ছোৱালী বাচনি কৰি উলিয়াম যি ইয়াৰ পৰা পাছ কৰি গৈ নিজাকৈ সংস্থাপন পাব পাৰে । দুবছৰ বিভিন্ন ক্ষেত্ৰত পৰিচয় লাভ কৰিব । এনেকৈ শিক্ষানীতিক আগবঢ়াই নি আছো । এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ কৃতিত্ব প্ৰদৰ্শন কৰা বিষয়া কৰ্মচাৰী, প্ৰগতিশীল কৃষক আৰু বিভিন্ন ক্ষেত্ৰত কৃতিত্ব প্ৰদৰ্শন কৰা নিৰ্বাচিত কৰ্মচাৰী সকলক সম্বৰ্ধনা জনোৱা হয় ।বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন হোৱা এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ কৃষি বিজ্ঞানগুৰুসকল, কৃষি গৱেষণা সঞ্চালক, বিশেষ বিষয়াসকল, বিভাগীয় মুৰব্বীসকল, গৱেষক-বিজ্ঞানী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.