শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ অসম গণিত শিক্ষায়তন শোণিতপুৰ জিলা শাখাই আজি জিলাখনৰ ৰঙাগড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰে৷ অসম গণিত শিক্ষায়তনৰ প্ৰতিকী গীতেৰে শুভাৰম্ভ হোৱা মূল অনুষ্ঠানত সভাপতিত্ব কৰে সেই বিদ্যালয়ৰে অধ্যক্ষ নিজাম উদ্দিনে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সম্পাদিকা অনামিকা গগৈয়ে৷ গণিত সপ্তৰ্ষি শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শোণিতপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে৷ বন্তি প্ৰজ্বলন কৰি পৰিদৰ্শক দাসে ভাষণ প্ৰসংগত এই দিৱস উদযাপনৰ যোগেদি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গণিতৰ প্ৰতি থকা ভয় আঁতৰাই গণিত বিষয়তো কেনেকৈ অধিক আৰ্কষণীয় কৰিব পৰা যায় তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় বুলি মন্তব্য কৰি গণিতৰ কুইজ, আকস্মিক বক্তৃতা আদি আয়োজিত কৰি গণিত বিষয়টো অধিক মনোগ্ৰাহী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি কয়। এনে ধৰণৰ প্ৰতিযোগিতা প্ৰতিখন বিদ্যালয়তে আয়োজিত কৰিবলৈ শিক্ষক-শিক্ষয়ত্ৰী সকলে যত্ন কৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকল গণিতৰ প্ৰতি আকৰ্ষীত হয় বুলিও সকলোকে আহ্বান জনায়। অনুষ্ঠানটিত বিশিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰি কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ অৰুণ মহন্তই জ্যামিতিৰ বিভিন্ন চিত্ৰ প্ৰদৰ্শন কৰি জ্যামিতিয়ে ব্যৱহাৰিক জীৱনত আৰু বিজ্ঞানৰ ক্ষেত্ৰখনত মানৱ জাতিক কেনেদৰে সহায় কৰি আহিছে তাক বিভিন্ন উদাহৰণে ব্যাখ্যা কৰে৷ প্ৰকৃতিৰ লগত গণিত কেনেদৰে জড়িত হৈ আছে সেই বিষয়েও বিভিন্ন চিত্ৰ প্ৰদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী সকলক গণিতৰ প্ৰতি মনোগ্ৰাহী কৰিবলৈ সুন্দৰকৈ আলোকপাত কৰে ড০ মহন্তই। অনুষ্ঠানটিত অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সভাপতি ডঃ ৰাম চৰণ ডেকাই গণিত দিৱসৰ তাৎপৰ্য আৰু গণিতজ্ঞ ৰামানুজনৰ শৈক্ষিক জীৱন, কঠোৰ জীৱন সংগ্ৰাম আৰু গণিত জগতলৈ আগবঢ়াই যোৱা বহুমূলীয়া অৱদানৰ বিষয়ে বৰ্ণনা কৰে৷ আনহাতে গণিত দিৱসৰ গণিতৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ডঃ ভীম প্ৰসাদ শৰ্মাই জনাই যে- হাতে কামে গণিতৰ ব্যৱহাৰিক প্ৰয়োগ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে গণিতৰ বিষয়বস্তু সমূহ কোনো আসোঁৱাহ নোহোৱাকৈ শিকিব পাৰে৷ লগতে জনাই যে- গণিতৰ আৰ্হিৰ প্ৰদৰ্শনীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থকা ভয়ৰ ভাৱ আঁতৰ কৰে৷ গণিত দিৱসৰ মুকলি কুইজ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ডঃ বিপুল কুমাৰ শৰ্মা আৰু শশী উপাধ্যায়ে পৰিচালক হিচাপে থাকি পৰিচালনা কৰাৰ লগতে আকস্মিক বক্তৃতা প্ৰতিযোগিতা পৰিচালনা কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ডঃ সুভম সেৱে৷ সভাত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক হিৰণ্য কুমাৰ নাথক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ সভাত ঢেকিয়াজুলি আৰু গাভৰু শিক্ষা খণ্ডৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে৷ অনুষ্ঠানৰ মাজতে সেই বিদ্যালয়ৰে ছাত্ৰী তাচমিন আনচাৰি আৰু মাচুনা ফাৰহানে নৃত্য প্ৰদৰ্শন কৰাৰ লগতে নাৰজিৰ আখঁটাৰ, আমচাচ চুলতান, মুবাচিৰা খাটুন আৰু আৰচিকা গাৰ্গীয়ে গীত পৰিৱেশন কৰে৷