শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত মাজগাওঁ জ্যেষ্ঠ নাগৰিক মঞ্চৰ আতিথ্যত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মণ্ডল-২ৰ সাংগঠনিক সভাখন আজি তেজপুৰ শাখাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হৈ যায়। শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক দেৱ কান্ত দাসে আঁতধৰা সভাখনত সভাপতিত্ব কৰে ২ নম্বৰ মণ্ডলৰ সভাপতি তথা অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপ- সভাপতি থানুৰাম শৰ্মাই।শাখাৰ সদস্য যাদৱ চন্দ্ৰ নাথৰ পৰিচালনাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শীৰ্ষ গীত “এই খন অসমীৰ চেনেহী কোলাত আজি আমাৰ জীৱনৰ বিয়লি হ’ল” পৰিবেশন কৰে গুন দাস, শেখৰ বৰুৱা, হৰেন নাথ, ভানু কলিতা, ৰোমা দেৱী, অনিমা হাজৰিকা আদিয়ে। উদ্দেশ্য ব্যাখ্যা কৰে মণ্ডল-২ৰ সম্পাদক তথা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ইন্দ্ৰেশ্বৰ শইকীয়াই। তিনিচুকীয়া, ডিব্ৰুগৰ, ধেমাজি, লক্ষীমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ সভাপতি, সম্পাদক, জিলাৰ কেন্দ্ৰীয় কমিটিৰ প্ৰতিনিধিৰ ওপৰিও গৃহ জিলাৰ তেৰটা শাখাৰ শতাধিক বিষয়ববীয়াৰ উপস্থিত থকা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি প্ৰশান্ত ককতিয়ে কয় যে শাখা সমূহে সমৰি নোলোৱা ষাঠি উৰ্ধৰ সকলো লোককে সন্মিলনৰ অন্তৰ্ভুক্ত কৰি চৰকাৰে প্ৰদান কৰা সা-সুবিধা সমুহ লাভ কৰাত সহায় কৰি দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰিলে অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ব্যৰ্থ হ’ব। মণ্ডল-২ৰ অন্তৰ্ভুক্ত ডিব্ৰুগড়, ধেমাজি, লক্ষীমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ সভাপতি-সম্পাদকসকলে জিলাসমূহৰ অন্তৰ্গত শাখাসমূহৰ সাংগঠনিক প্ৰতিবেদন দাখিল কৰাৰ পিছত সংগঠনটো আগবঢ়াই নিবলৈ বিস্তৃত ভাবে আলোচনা কৰাৰ অন্তত দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো শ্ৰেণীৰ বয়োজ্যেষ্ঠ লোকক সদস্য ভৰ্তি কৰি চৰকাৰী আচঁনি সমূহ গ্ৰহণ কৰাত সহায় কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত জ্যেষ্ঠ নাগৰিকসকলৰ একাংশই ৰেল, বিমান সেৱা আৰু পৰিবহন নিগমৰ বাছত ৰেহাই মূল্যত যাত্ৰী সেৱাৰ পৰা বঞ্চিত হোৱাত আক্ষেপ প্ৰকাশ কৰে। শ’লাগৰ শৰাই তথা ধন্যবাদ সূচক ভাষ্য প্ৰদান কৰে শেখৰ বৰুৱাই।