অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত উদ্যমিতা সজাগতা শিবিৰ

0 35

গুৱাহাটী,২৭ আগষ্ট : গুৱাহাটী আজাৰাস্থিত অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত খাদী আৰু গ্ৰাম উদ্যোগ আয়োগ, অসমৰ উদ্যোগত আৰু অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজিৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহযোগত উদ্যমিতা বিষয়ক এক সজাগতা শিবিৰ ২৭ আগষ্ট তাৰিখে অনুষ্ঠিত হয় । অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকনলজীৰ ডাইৰেক্টৰ ড° মনোৰঞ্জন কলিতাই আদৰণী ভাষণ আগবঢ়োৱা শিবিৰটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে খাদী আৰু গ্ৰাম উদ্যোগ আয়োগ, অসমৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ড° সুকমল দেৱ আৰু সুবীৰ কুমাৰ দেৱ , আৰ.বি.অ. । তেওঁলোকে খাদী আৰু গ্ৰাম উদ্যোগ আয়োগৰ বিভিন্ন আচঁনিৰ বিষয়ে আলোকপাত কৰে আৰু প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী (Prime Minister Employment Generation Programme , PMEGP)ৰ বিষয়ে বাখ্যা আগবঢ়ায়। লগতে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মাই আঁত ধৰা শিবিৰৰ শেষত শলাগৰ শৰাই আগবঢ়াই যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.