শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ছেপ্টেম্বৰঃ গুৱাহাটী আজাৰাস্থিত অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৩০ ছেপ্টেম্বৰত এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্র বিষ্ণু প্ৰকাশ মেধি আৰু সিদাৰ্থ বৰা। তেওঁলোকে ভাৰতত পেটেণ্ট দাখিলৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে তাৰ বিষয়ে ব্যাখ্যা কৰে। উল্লেখযোগ্য যে, তেওঁলোকৰ বি. টেক প্ৰকল্পৰ কাম “এ লিকুইফাইড পেট্ৰলিয়াম গেছ (এল পি জি) চিলিণ্ডাৰ কেৰেজ ফৰ পেডেল প্ৰপেলড চাইকেল ৰিক্সা [A Liquefied Petroleum Gas (LPG) cylinder carriage for pedal propelled Cycle Rickshaws]” “দ্য পেটেণ্ট অফিচ জাৰ্নেল নং ৩৬/২০২২”ত প্ৰকাশ হৈছে। তেওঁলোকে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰেৰণাদায়ক মন্তব্য আগবঢ়ায়।
