অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ কাৰ্যনিবাৰ্হক সভাত ৯ গৰাকী সন্মিলনৰ আজীৱন সদস্যক প্ৰমাণ পত্ৰ প্ৰদান
তেজপুৰত চেমনীয়া নাট কৰ্মশালাৰ আয়োজনৰ সিদ্ধান্ত
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ ৪ জুনঃ অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা কালি বিয়লি শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাত গ্ৰহণ কৰা এক শোক প্ৰস্তাৱ মৰ্মে তেজপুৰৰ এগৰাকী সুদক্ষ মঞ্চ আৰু ভাওঁনা শিল্পী সন্মিলনৰ তেজপুৰ শাখাৰ তৰফৰ পৰা যোৱা ব’হাগ বিহুত সম্বৰ্ধিত মোহন বৰাৰ মৃত্যুত আৰু বলিউদৰ এগৰাকী জনপ্ৰিয় শিল্পী কৃষ্ণ কুমাৰ কুন্নথ [কে কে]ৰ লগতে জ্ঞাত-অজ্ঞাত ব্যক্তিৰ মৃত্যুত শোক প্ৰকাশ কৰি এক শোক প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত নগাঁৱত অনুষ্ঠিত হৈ যোৱা ৬০ সংখ্যক অধিৱেশনত আজীৱন সদস্য হিচাপে স্বীকৃতি লাভ কৰা ন গৰাকী আজীৱন সভ্যক প্ৰমাণ পত্ৰ প্ৰদান কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি মৃগেন চন্দ্ৰ বড়াই আৰু সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ লগতে শাখাৰ উপদেষ্টা তথা বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে। প্ৰমাণ-পত্ৰ প্ৰদান কৰা সদস্য কেইগৰাকী ক্ৰমে- বীৰেন্দ্ৰ কুমাৰ বৰা, জগন্নাথ বৰা, নিৰু নেওঁগ বৰা, সত্যদেৱ শৰ্মা, নিতুল বৰা [আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিবাৰ্হক], জিন্টু বৰঠাকুৰ, ভূপেন বৰুৱা, দেৱাশীষ বৰা, আৰু হিৰণ্য ভূঞা। আজীৱন সভ্যৰূপে স্বীকৃতি লাভ কৰা সদস্যসকলৰ মাজৰ পৰা বক্তব্য প্ৰদান কৰে ক্ৰমে নিৰু নেওঁগ বৰা, জগন্নাথ বৰা, নিতুল বৰাই। সভাত তেজপুৰ শাখাৰ পৰৱৰ্তী কাৰ্য্যপন্থা হিচাপে অহা জুলাই মাহত চেমনীয়া শিল্পীসকলক লৈ এখনি নাট- কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৰ্মশালাত এখনি নাটক প্ৰযোজনাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। নাটখনি নাট্যকাৰ লক্ষ্যধৰ চৌধুৰীৰ ৰচিত ‘‘বক্ষকুমাৰ’’। এই সম্পৰ্কত বক্তব্য প্ৰদান কৰে কেন্দ্ৰীয় উপ-সভাপতি মৃগেন চন্দ্ৰ বড়াই। আজীৱন সদস্য দ্বীজেন নাথ, উপদেষ্টা জিতুমণি দেৱ চৌধুৰীয়ে। শাখাৰ সম্পাদক জিন্তু বৰঠাকুৰ আঁতধৰা সভাখনিত জ্যেষ্ঠ সদস্য বঙ্কিম বৰুৱাইও সন্মিলনৰ অতীত ৰোমন্থন কৰি এটি বক্তব্য প্ৰদান কৰে। সভাত কৰ্মশালা পৰিচালনা কৰাৰ বাবে মুখ্য দায়িত্ব গৌতম পাঠকক প্ৰদান কৰা হয়। জ্যেষ্ঠ সদস্য দ্বীজেন নাথ, ভূপেন শৰ্মা, তাজ হুছেইন, শিল্পা বৰা, অচ্যুত শৰ্মা, তিলক নাথকো দায়িত্ব দিয়াৰ উপৰিও উজ্জ্বল শইকীয়া, ৰাজীৱ মহন্ত, ভৱানন্দ দাস, মৃগেন চন্দ্ৰ বড়াক বিশেষভাৱে দায়িত্ব অৰ্পন কৰে। এই সভাতে সন্মিলনৰ নগাঁও অধিৱেশনত একক অভিনয় প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰা শিল্পা বৰাক অভিনন্দন জনায়। সভাত নাট্য শিল্পী গৌতম পাঠকে কৰ্মশালাৰ দায়িত্ব গ্ৰহণ কৰি এটি বক্তব্য প্ৰদান কৰে। সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ এটি সাৰুৱা মন্তব্যৰ অন্তত সভা ভংগৰ ঘোষণা কৰে।
