শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : যোৰহাটৰ এজন বৰ্ষীয়ান , অগ্ৰণী ক্ৰীড়াবিদ , প্ৰাক্তন ফুটবল ৰেফাৰী নৰেন শৰ্মাৰ ৯৪ বছৰ বয়সত যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটে। যোৰহাট তথা অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা শৰ্মা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ এগৰাকী ফুটবল ৰেফাৰী হিচাপে দীর্ঘদিন ধৰি সেৱা আগবঢ়াছিল। নৰেণ শৰ্মা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি হিচাপেও দীর্ঘদিন ধৰি সেৱা আগবঢ়াই নবীন ক্ৰীড়া সংগঠক সকলক প্ৰেৰণা যোগাইছিল। প্ৰয়াত শৰ্মা নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস। অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডৰ সদস্য হিচাপেও দীর্ঘদিন ধৰি সেৱা আগবঢ়োৱা শৰ্মা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ব্যস্ততাৰ মাজতো এগৰাকী খেলুৱৈ , ফুটবল ৰেফাৰী আৰু ক্ৰীড়া সংগঠক হিচাপে ক্ৰীড়া ক্ষেত্ৰ খনলৈ যি বৰঙণি আগবঢ়ালে সেয়া কোনেও পাহৰিব নোৱাৰে। আজি পুৱা যোৰহাট জিলা ক্ৰীড়া সন্হালৈ শৰ্মাৰ নশ্বৰদেহ অনা হয় আৰু তাতে বহু সংখ্যক ক্ৰীড়া তথা সামাজিক সংগঠনে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।