শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১আগষ্টঃ শোণিতপুৰ টাগ অফ ৱাৰ এছোচিয়েছনৰ উদ্যোগত আৰু তেজপুৰ অসমীয়া ক্লাব আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সহযোগত কালি ৰঙাপৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অসম মহিলা টাগ অফ ৱাৰ দলৰ খেলুৱৈ সকলক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে যোৱা ২০ ৰ পৰা ২৩ জুলাইত তামিলনাডুৰ নামাক্কলত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মহিলা টাগ অফ চেম্পিয়নশ্বিপত অসম মহিলা দলটোৱে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। অসম মহিলা দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈ সকল আছিল মায়াশ্ৰী স্বৰ্গীয়ৰী, পদুমী বসুমতাৰী, নিজলা মোছাহাৰী, গনৰাণী স্বর্গীয়ৰী, ৰূপালী নাৰ্জাৰী, নিজৰা ৰামচিয়াৰী, বনশ্ৰী বড়ো, ছদ্মশ্ৰী বসুমতাৰী, মিনা বসুমতাৰী, ৰৈমালী মোছাহাৰী আৰু দলটোৰ প্ৰশিক্ষক হিচাপে হাইনাশ্ৰী ৱাৰীয়ে আৰু মেনেজাৰ হিচাবে অংশ গ্ৰহণ কৰিছিল চালামত দিৱানে। এই খেলুৱৈ সকলক উৎসাহিত কৰাৰ বাবে শোণিতপুৰ জিলা টাগ অফ ৱাৰ এছোচিয়েছনৰ উদ্যোগত ৰঙাপৰা মহাবিদ্যালয়ত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলা টাগ অফ ৱাৰ এছোচিয়েছনৰ সম্পাদক মুজাহিদ ৰজাই আঁতধৰা এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে টাগ অফ ৱাৰ এছোচিয়েছন অফ অসমৰ সভাপতি জিতেন বৰঠাকুৰ , আন্তঃ ৰাষ্ট্ৰীয় পাঞ্জা বিচাৰক তথা অসম বডী বিল্ডাৰচ এণ্ড ফিটনেছ এছোচিয়েছনৰ কাৰ্যকৰী সভাপতি পংকজ কুমাৰ বৰা , শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সম্পাদক বিবুধ ডেকা, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কলিতাৰ লগতে বিশিষ্ট ব্যক্তি সকল। টাগ অফ ৱাৰ এছোচিয়েছন অফ অসমৰ সভাপতি জিতেন বৰঠাকুৰে অসম মহিলা দলক অভিনন্দন জনোৱাৰ লগতে অহা ছেপ্টেম্বৰত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অনুষ্ঠিত হব লগীয়া ৰাষ্ট্ৰীয় ফেডাৰেচন কাপৰ বাবে অসমৰ মহিলা আৰু পুৰুষ উভয় দলকে কঠোৰ অনুশীলন কৰিবলৈ আহ্বান জনায়। আন্তঃ ৰাষ্ট্ৰীয় বিচাৰক পংকজ কুমাৰ বৰাই খেলুৱৈ সকলক শুভেচ্ছা জনোৱাৰ লগতে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কলিতাই ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যি ত্যাগ স্বীকাৰ কৰি আহিছে তাৰ ভুয়সী প্ৰসংশা কৰে। উক্ত অনুষ্ঠানত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ কলিতাই ক্ৰীড়া ক্ষেত্রখনক আগবঢ়াই নিয়াৰ বৃহত্তৰ স্বাৰ্থত ৰঙাপৰা মহাবিদ্যালয় আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা তথা তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে আহ্বান জনায়।