অসম ৰাইফলছ চেম্পিয়ন

ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ ফুটবল

0 35

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪অক্টোবৰ: অসম ৰাইফলচ একাদশে ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰিছে। তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ দ্বাৰা পৰিচালিত যোৱা ১৩অক্টোবৰৰ পৰা তেজপুৰ পল’ গ্ৰাউণ্ডত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ যোৱা নিশা চূড়ান্ত খেলখনত অসম ৰাইফলছে প্ৰত্যয়জনক বিজয় সাব্যস্ত কৰে৷ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পাঁচ সহস্ৰাধিক ফুটবল প্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত চূড়ান্ত খেলখনত অসম ৰাইফলছ ফুটবল একাদশে সঞ্জীৱন সমাজ নগাওঁ ফুটবল একাদশক ৪-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলৰ অন্তত বিজয়ী আৰু বিজেতা দলক প্ৰয়াত ফুটবলাৰ তাৰিণী ভূঞা সোৱঁৰণী বঁটা আৰু ক্ৰমে নগদধন এক লাখ আৰু পঞ্চাশ হাজাৰ টকা আগবঢ়ায় প্ৰয়াত ফুটবলাৰ ভূঞাৰ জ্যেষ্ঠ পুত্ৰ বিশিষ্ট সাংবাদিক অতনু ভূঞাই। চূড়ান্ত খেলৰ পূৰ্বে দুয়ো দলৰ খেলুৱৈ সকলৰ লগত তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰে সাংসদ পল্লবলোচন দাস, বিধায়ক পৃথ্বিৰাজ ৰাভা, এমন্ট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা আৰু উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগত খেলুৱৈ সকলক পৰিচয় কৰাই দিয়ে। অসম ফুটবল সন্হাৰ প্ৰথম শ্ৰেণীৰ ৰেফাৰী ডিব্ৰুগড়ৰ জীৱন গগৈয়ে পৰিচালনা কৰা চূড়ান্ত খেলখনিত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে অসম ৰাইফলচৰ জনি পি ফুইয়া আৰু প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে অসম ৰাইফলচ দলৰে দেবেন্দৰ সিঙে। শ্ৰেষ্ঠ খেলুৱৈ গৰাকীক প্ৰয়াত ক্ৰীড়াবিদ প্ৰেম ডেকা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। ৰাজ্যখনৰ দহটা ফুটবল দলে অংশ গ্ৰহন কৰা প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেল আৰম্ভ হোৱাৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে সৃজনী সংগীত বিদ্যালয়ৰ শিল্পী সকলে আৰু নমিতা লহকৰৰ পৰিচালনাত যোগ প্ৰদৰ্শন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.