শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ছেপ্তেম্বৰ : অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আজি পুৱা নিৰাপত্তা বাহিনীৰ সৈতে সংঘটিত এক সংঘৰ্ষত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ এজন কেডাৰ নিহত হোৱাৰ বাতৰি পোৱা গৈছে ৷ জানিব পৰা মতে চাংলাং জিলাৰ মিয়াও থানাৰ অন্তৰ্গত বেটকেম্প এলেকাত আছাম ৰাইফলছৰ সৈতে দুই সন্দেহজনক এন এছ চি এন (কে) উগ্ৰপন্থীৰ গুলীয়াগুলীৰ সূত্ৰপাত হয় ৷ নিৰাপত্তা বাহিনীৰ নিয়মীয়া তহলৰ সময়ত ১১ আছাম ৰাইফলছৰ এটা দলৰ সৈতে এন এছ চি এনৰ কেডাৰদ্বয়ৰ সংঘৰ্ষ হয় ৷ সূত্ৰমতে এন এছ চি এনৰ (কে) দুই উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ প্ৰতি লক্ষ্য কৰি গুলীচালনা কৰাত তহলদাৰী আছাম ৰাইফলছৰ দলটোৱেও গুলীয়াই প্ৰতুত্তৰ দিয়ে আৰু সংঘৰ্ষত এক উগ্ৰপন্থী নিহত হোৱাৰ বিপৰীতে আনজন নগা বিদ্ৰোহীয়ে পলায়ন কৰিবলৈ সক্ষম হয় ৷ সংঘৰ্ষত নিহত এন এছ চি এন কেডাৰজন জনৈক থংচি বুলি চিনাক্ত কৰা হৈছে ৷ নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল জব্দ কৰা বুলি প্ৰকাশ ৷