অৰুণাচলত দুৰ্ঘটনাত পতিত হৈ সন্ধানহীন সেনাৰ চুবেদাৰ

0 36
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৯জুন: দেশৰ নিৰাপত্তাৰ বাবে কৰ্তব্য পালনৰ সময়তে প্ৰতিকূল বতৰৰ মাজত দেশৰ সেনাৰ এগৰাকী চুবেদাৰ এক শোকাবহ দুৰ্ঘটনাৰ সন্মুখীন হৈ যোৱা তিনিদিনে নিৰুদ্দেশ হৈ আছে। ইতিমধ্যে এইগৰাকী সেনা জোৱানৰ সন্ধানত বৃহৎ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এই পৰ্যন্ত তেওঁৰ সন্ধান ওলোৱা নাই। আজি, সেনাৰ তৃতীয় ক’ৰৰ কাৰ্যালয়ৰ পৰা এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি,যোৱা ২৬জুনত দিনৰ প্ৰায় দুই বজাত এই শোকাবহ ঘটনাটো সংঘটিত হয় অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ এক দুৰ্গম অঞ্চলত। সেনাৰ ৰে’ড শ্বিল্ড ডিভিজনৰ এটা অভিযানকাৰী দলে  সীমান্তৰ এই অঞ্চলত তহল দিয়াৰ সময়তে পাহাৰীয়া এক জলধাৰাত পিচলি পৰি যায় চুবেদাৰ অমৰেন্দ্ৰ কুমাৰ। লগে লগে সেই খৰস্ৰোতা প্ৰবাহত উদ্ধাৰ অভিযান চলোৱা হয়। উল্লেখযোগ্য যে,স্থানীয় লোকৰ লগতে স্থানীয় প্ৰশাসনৰ সহযোগত পাহাৰীয়া সুঁতিৰ লগতে নামনি অংশতো সেনাই বৃহৎ পৰিসৰত উদ্ধাৰ অভিযান আৰম্ভ কৰিলেও এই পৰ্যন্ত দুৰ্ঘটনাগ্ৰস্ত চুবেদাৰজনৰ সন্ধান লাভ কৰা নাই। প্ৰতিকূল বতৰৰ বাবে এই অভিযানৰ সময়ত যথেষ্ট সমস্যাৰ উদ্ভৱ হোৱাৰ উপৰি অভিযান ধীৰ গতিত কৰিব লগীয়া হোৱাৰ বিষয়ে প্ৰকাশ কৰি সেনাই বিবৃতিটোত লগতে প্ৰকাশ কৰিছে যে,ইয়াৰ মাজতে উদ্ধাৰ অভিযান অবিৰতভাবে অব্যাহত আছে।
মন্তব্য দিয়ক

Your email address will not be published.