অৰুণাচলত নিহত দুই যুৱকৰ মৃতদেহ আজিহে উদ্ধাৰ

0 8
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৩জুলাইঃ বন্ধুৰ সতে ১৯জুলাইত অৰুণাচললৈ যোৱা ৰাজ্যৰ  চাৰিজন যু্ৱক শোকাবহ ভাবে দুৰ্ঘটনাত পতিত হৈ নিহত হোৱাৰ পাছত আজি বিয়লি ৫-৪৫তহে ইয়াৰে ভিতৰত দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। আজি মৃতদেহ উদ্ধাৰ হোৱা দুই যুৱক হৈছে তেজপুৰৰ সঞ্জীৱ দাস আৰু সোণাপুৰৰ হীৰক বড়ো। স্থানীয় আৰক্ষীৰ সহায়ত বমদিলাৰ পৰা অহা এন ডি আৰ এফৰ এটা দলে দিনযোৰা প্ৰচেষ্টাৰ অন্তত দুইজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰত্যক্ষ দৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি চেঁচাৰ পৰা জিৰ’ পইন্টৰ দিশে ১০কিলোমিটাৰ নিলগত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছিল। প্ৰথম অৱস্থাত যদিও দুৰ্ঘটনাগ্ৰস্ত বাহনসহ চাৰিওজন যুৱক পথৰ পৰা দুশ ফুট গভীৰত পৰি যোৱা বুলি প্ৰকাশ কৰা হৈছিল বাস্তৱত এই গভীৰতা প্ৰায় পাঁচশ ফুট হ’ব। ঘন কুঁৱলীৰ বাবেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। ইতিমধ্যে কালি নগাঁৱৰ দুই যুৱক নয়ন বসুমতাৰী আৰু বেদান্ত বৰমাহোলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আজি উদ্ধাৰ হোৱা দুয়োজন যুৱকৰ  মৃতদেহ কাইলৈহে পৰিয়ালক গতাই দিয়া হ’ব।
মন্তব্য দিয়ক

Your email address will not be published.