অৰুণাচলত হেৰুৱা মিথুন বিচাৰিব যন্ত্ৰই

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুলাই : উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ অৰ্ধ ঘৰচীয়া গৰুৰ প্ৰজাতি মিথুন মিথুন (bros frontalis)ৰ সন্ধান আৰু স্থান নিৰ্ণয় কৰিবলৈ এটা যন্ত্ৰ প্ৰস্তুত কৰা হৈছে। ‘মিথুন ট্ৰেকিং কলাৰ’ নামৰ এই যন্ত্ৰটোৱে উত্তৰ-পূব ৰাজ্যৰ গভীৰ জংঘলত মোবাইল ফোনযোগে ট্ৰেক কৰি সঠিক স্থান নিৰ্ণয় কৰিব বুলি বিষয়াসকলে জনায়। এই ডিভাইচটো পশ্চিম চিয়াং জিলাৰ আলোত ৰোগ তদন্ত বিষয়া জিকাম পেন’ৰে আৰু চিয়াং জিলাৰ মিথুন পালনকাৰী তাডাং তামুটে প্ৰস্তুত কৰিছে। ডিভাইচটো এটা কলাৰ আৰু জিএছএম ট্ৰেক পেডৰ সংমিশ্ৰণ প্ৰস্তুত কৰা হৈছে; যিটো ব্যৱহাৰৰ পূৰ্বে চাৰ্জ কৰিব লাগিব। এটা সম্পূৰ্ণ চাৰ্জ কৰা পেড গড়ে ব্যৱহাৰ কৰিলে প্ৰায় তিনি বছৰলৈকে স্থায়ী হ’ব বুলি আশা কৰা হৈছে। পেন’ৰে জনোৱা মতে, এই যন্ত্ৰটো পানী নোসোমাব পৰা, জুইত নজ্বলা  আৰু ভাঙিব নোৱাৰা। অলপতে ৰাজ্যখনৰ চিয়াং জিলাৰ জোমলো মংকু গাঁৱত এই যন্ত্ৰটোৰ ট্ৰায়েল সম্পন্ন কৰা হয়, য’ত জীৱ-জন্তুৰ প্ৰকৃত সময় আৰু স্থান দেখুওৱা হৈছিল। শীঘ্ৰেই এই ডিভাইচটো বজাৰত মুকলি কৰা হ’ব বুলিও পেন’ৰে জনায়। হেৰুৱা মিথুনবোৰে কৃষক আৰু পালনকাৰীসকলৰ বাবে যুগ যুগ ধৰি তীব্ৰ সমস্যাৰ সৃষ্টি কৰি আহিছে, যিয়ে কেতিয়াবা মালিকীস্বত্ব বিবাদ, চুৰি আনকি পশু চিকিৎসা স্বাস্থ্যসেৱাৰ সমস্যাৰ দৰে সমস্যাৰ সৃষ্টি কৰে। এই জন্তুটোক জনজাতীয় পৰম্পৰা আৰু ৰীতি-নীতিৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰা আৰু অৰুণাচল প্ৰদেশৰ সকলো থলুৱা জনগোষ্ঠীৰ মাজত ই তাৎপৰ্য্য বহন কৰাৰ বাবে সমস্যাটো আৰু বেছিকৈ বৃদ্ধি পাইছে। তামুটে কয় যে ৰাজ্য চৰকাৰে এনে অভিনৱ ধাৰণাক সমৰ্থন কৰিব লাগে। তেওঁ কয়— “আমি আশা কৰোঁ যে হেৰাই যোৱা মিথুনৰ দিনবোৰ গণনা কৰা হৈছে আৰু অতি সোনকালে ই এক ইতিহাস হ’ব।” কেইবছৰমানৰ আগতে পেন’ৰে মিথুনত মাইক্ৰ’চিপ স্থাপনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যিয়ে তেওঁলোকৰ মালিকীস্বত্বৰ বিবাদৰ সমাধান কৰিছিল। বহু বছৰ ধৰি ‘মিথুন ট্ৰেকিং কলাৰ’ৰ দৰে এটা যন্ত্ৰ নিৰ্মাণৰ প্ৰচেষ্টা চলি আহিছিল। ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই কয়— ‘‘এইবাৰ প্ৰথমবাৰৰ বাবে এনে এটা যন্ত্ৰ নিৰ্মাণ কৰা হৈছে যাৰ ফলত ভাল ফলাফল পোৱা গৈছে।”

মন্তব্য দিয়ক

Your email address will not be published.