অৰুণাচল প্ৰদেশৰ বনকৰ্মীক অস্ত্ৰ সম্পৰ্কীয় মৌলিক প্ৰশিক্ষণ প্ৰদান

0 152

উত্তৰ লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশত অৱস্থিত কিমিনৰ আই টি বি পি বাহিনীৰ নিউ ৰিজাৰ্ভ ট্ৰেইনিং চেণ্টাৰত বন বিভাগৰ কৰ্মীসকলৰ বাবে দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। অৰুণাচল প্ৰদেশৰ বন বিভাগে বনকৰ্মীসকলক মৌলিক অস্ত্ৰ সম্পৰ্কীয় প্ৰশিক্ষণৰ বাবে অনুৰোধ জনাইছিল প্ৰতিষ্ঠানটোক।  আই টি বি পিৰ উপ-মহাপৰিদৰ্শক পৱন কুমাৰ নেগীৰ নিৰ্দেশনাত বনকৰ্মীসকলৰ বাবে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই প্ৰশিক্ষণৰ সময়ত বনকৰ্মীসকলক .৩২ ব’ৰ ৰিভলভাৰ আৰু .৩১২ ব’ৰ ৰাইফলৰ সন্দৰ্ভত জ্ঞান দিয়াৰ লগতে অস্ত্ৰটোৰ সৈতে জড়িত মৌলিক প্ৰশিক্ষণ আৰু সুৰক্ষাৰ নিৰ্দেশনা, অগ্নিনিৰ্বাপক অনুশীলনও দিয়া হয়। প্ৰশিক্ষণৰ সময়ত বন বিভাগৰ কৰ্মীসকলে সম্পূৰ্ণ উৎসাহ আৰু আগ্ৰহেৰে অংশগ্ৰহণ কৰি দিয়া নিৰ্দেশনা মানি চলিছিল। প্ৰশিক্ষণ কাৰ্যসূচীৰ শেষত তেওঁলোকক সম্বোধন কৰি উপ-মহাপৰিদৰ্শক পৱন কুমাৰ নেগীয়ে কয় যে প্ৰশিক্ষণৰ সময়ত শিকোৱা মৌলিক কথাবোৰ সদায় মনত ৰাখিব লাগে আৰু অবিৰতভাৱে অনুশীলন কৰিব লাগে। তেওঁ লগতে জোৰ দি কয় যে তেওঁলোকে দিয়া তথ্যসমূহ তেওঁলোকৰ সতীৰ্থ বনকৰ্মীসকলৰ সৈতে ভাগ-বতৰা কৰিব লাগে, যাতে তেওঁলোকেও ইয়াৰ পৰা লাভৱান হ’ব পাৰে। বন বিভাগৰ বিষয়াসকলে প্ৰতিষ্ঠানটোৰ মুৰব্বী আৰু সকলো প্ৰশিক্ষকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.