অৰুণোদয়ৰ স’তে দিব্যাংগৰ আঁচনিক একেলগ নকৰিবলৈ আহ্বান দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ

0 25

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০নৱেম্বৰঃ শিলচৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা এক সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে দিব্যাংগ সুৰক্ষা মঞ্চ অসমে৷ আজি সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰি কয় যে,কালি কেবিনেটত গৃহীত এক সিদ্ধান্ত মৰ্মে দিব্যাংগ সকলৰ বাবে ইমানদিনে চলি থকা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিক অৰুণোদয় আঁচনিৰ স’তে সংযুক্ত কৰি দিব্যাংগ সকলৰ বাবে পৃথকে থকা আঁচনিখন বিলুপ্ত কৰিবলৈ বিচৰা হৈছে৷  অৰুণোদয়ৰ স’তে এইখন আঁচনি সংযোজিত হ’লে ভৱিষ্যতে দিব্যাংগ সকলৰ আঁচনিখনত আন এক বেমেজালিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা থকাৰ লগতে অৰুণোদয় আঁচনি বন্ধ হ’লে দিব্যাংগ সকলৰ আঁচনিখনৰো বিলুপ্তি ঘটিব৷ সংগঠনটোৱে কয় যে,দিব্যাংগ সকলৰ বাবে ৰূপায়িত আঁচনিখনৰ ধন এহেজাৰ টকাৰ পৰিৱৰ্তে তিনিহেজাৰ টকালৈ বৃদ্ধিৰো আহ্বান জনাই দিব্যাংগ সকলৰ সংগঠনটোৱে অৰুণোদয় আঁচনিৰ স’তে দীনদয়াল দিব্যাংগ আঁচনিখন একেলগ নকৰিবৰ বাবেও চৰকাৰৰ প্ৰতি আহ্বান জনাই কেবিনেটৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.