অৱশেষত দিছপুৰ কলেজে ঘূৰাই পালে হৰলুকী হোৱা ধন

0 20

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ আগষ্টঃ দিছপুৰ মহাবিদ্যালয়ে অৱশেষত ঘূৰাই পালে একাউণ্টৰ পৰা হৰলুকী হোৱা ধন। ২১ এপ্ৰিলত দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্টৰ পৰা হেৰাইছিল ৭৬ লাখ ৩৪ হাজাৰ ৯০০ টকা। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত চলাই বেংক কৰ্তৃপক্ষৰ ভুলৰ বাবেই এই ধনখিনি হৰলুকী হোৱাটো নিশ্চিত কৰিছিল। ইয়াৰ পিছতে বেংক কৰ্তৃপক্ষই দিছপুৰ মহাবিদ্যালয়ক তেওঁলোকৰ ধনখিনি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই অনুসৰিয়েই বৃহস্পতিবাৰে দিছপুৰ মহাবিদ্যালয়ে লাভ কৰিলে তেওঁলোকৰ হেৰুওৱা ধন। এই সমগ্ৰ ধনখিনি তিনিটা কিস্তিত ঘূৰাই দিছে। বেংক কৰ্তৃপক্ষই এই ধনখিনিৰ বিনিময়ত পাবলগীয়া সূতখিনিও ঘূৰাই দিব। উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত প্ৰথমে আৰক্ষীয়ে মহাবিদ্যালয়ৰ অধ্যাপকক সোধপোছ কৰাৰ লগতে পৰৱৰ্তী সময়ত বেংকটোৰ মুখ্য প্ৰবন্ধকসহ মুঠ ৫ জন লোকক আটক কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.