আই আই টি, খড়গপুৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ দুৰ্ভগীয়া পিতৃৰ

ফাইজানৰ মৃতদেহত আছিল স্পষ্ট আঘাতৰ চিহ্ন

0 37

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৭ অক্টোবৰ : আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ এজন মেধাৱী ছাত্ৰৰ হোষ্টেলত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি আজি তেওঁৰ দুৰ্ভগীয়া পিতৃ চেলিম আহমেদে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জৰিয়তে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে খড়গপুৰ আই আই টিৰ কম্পিউটাৰ ছায়েঞ্চ বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰজনৰ সৈতে ১২ অক্টোবৰলৈকে পৰিয়ালৰ ফোনত কথা হৈছিল ৷ আনহাতে ১৩ অক্টোবৰত পিতৃয়ে ফাইজানলৈ ফোন কৰিছিল যদিও তেওঁৰ ফোন বন্ধ পোৱাত পুত্ৰ পঢ়াশুনাত ব্যস্ত বুলি ভাবি লয় ৷ কিন্ত ১৪ অক্টোবৰৰ দুপৰীয়া প্ৰায় ১০:৪৫/১১ বজাত পৰিয়ালৰ লোকে হঠাতে লাভ কৰে ফাইজানৰ মৃত্যুৰ খবৰ ৷ ইয়াৰ পাছত ফাইজানৰ পিতৃমাতৃ আৰু পৰিয়ালৰ লোক খড়গপুৰ অভিমুখে ৰাওনা হয় ৷ কিন্ত খড়গপুৰত উপস্থিত হোৱাৰ পাছতো তেওঁলোক জটিল আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰে ৷ ইফালে কি পৰিস্থিতিত মেধাৱী ছাত্ৰজন মৃত্যুমুখত পৰিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ ফাইজানৰ পিতৃয়ে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰে যে তেওঁলোক খড়গপুৰত উপস্থিত হোৱাৰ সময়ত পুত্ৰৰ মৃতদেহ মেদিনীপুৰ মেডিকেলৰ মৰনোত্তৰ পৰীক্ষাগৃহত পৰি আছিল ৷ পৰিয়ালৰ লোকে খবৰ পোৱাৰ দুদিন আগতেই ঘটনাটো সংঘটিত হোৱা বুলি ব্যক্ত কৰি চেলিম আহমেদে পত্ৰখনত কয় যে ফাইজানৰ মৃতদেহত তেওঁলোকে কেতবোৰ আঘাত আৰু ক্ষতচিহ্ন প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত মেধাৱী ছাত্ৰজন হত্যাৰ বলি হোৱা বুলি তেওঁলোকৰ সন্দেহ হৈছে ৷ ১৫ অক্টোবৰত তেওঁ এই সন্দৰ্ভত খড়গপুৰ থানাত এখন এজাহাৰ দাখিল কৰে যদিও স্থানীয় আৰক্ষী কিম্বা খড়গপুৰ আই আই টি কৰ্ত্তৃপক্ষই ফাইজানৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ এনে পৰিস্থিতিত নিজৰ একমাত্ৰ পুতেক হেৰুৱাই শোকত ম্ৰিয়মাণ হৈ পৰা ফাইজানৰ পিতৃয়ে আজি মেধাৱী পুত্ৰৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জৰিয়তে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.