আগৰতলাৰ পৰা ঢাকা হৈ কলকাতালৈ বাছ সেৱা

বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ

0 35

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ ক’ভিড মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা সাময়িক ভাৱে স্থগিত ৰখা আগৰতলা – কলকাতা বাছ সেৱা দুবছৰৰ অন্তত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব। আগৰতলাৰ কৃষ্ণনগৰত থকা ত্ৰিপুৰা ৰাজ্যিক পৰিৱহণ নিগমৰ আন্তৰ্জাতিক বাছ টাৰ্মিনেলৰ পৰা পুৱা ১০ বজাত বাংলাদেশৰ ৰাজধানী ঢাকা হৈ কলকাতালৈ বাছখনে যাত্ৰা আৰম্ভ কৰিব। এই যাত্ৰাত বাছখনে মুঠতে ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব আৰু সময় লাগিব প্ৰায় ১৯ ঘন্টা। ৪০ খন আসনযুক্ত বাছখনত প্ৰতিজন যাত্ৰীৰ ভাৰা হ’ব ২,৩০০ টকা। শুকুৰবাৰৰ বাহিৰে সপ্তাহটোৰ আটাইকেইদিনেই বাছখনৰ সেৱা অব্যাহত থাকিব। ইতিমধ্যে কালিৰে পৰা আসন সংৰক্ষণৰ কাম আৰম্ভ হৈছে। যাত্ৰীসকলৰ বৈধ পাৰপত্ৰ আৰু বাংলাদেশৰ ট্ৰেনজিত ভিজা থকাটো বাধ্যতামূলক। উল্লেখযোগ্য যে, আগৰতলাৰ পৰা গুৱাহাটী হৈ কলকাতালৈ ৰে’ল যাত্ৰাত সময়ৰ প্ৰয়োজন হয় ৩৫ ঘণ্টা। কলকাতালৈ যাবলগীয়া ত্ৰিপুৰাৰ লোকসকলৰ বাবে এই বাছ যাত্ৰা দূৰত্ব আৰু সময়ৰ দিশৰ পৰা অধিক সুবিধাজনক হোৱাৰ লগতে বাংলাদেশৰ সমতল ভূমিৰ মাজেৰে কৰা যাত্ৰা আনন্দময় হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.