আজিও সন্ধানহীন লিডুৰ অবৈধ কয়লা খনিত হেৰাই যোৱা প্ৰাঞ্জল মৰাণৰ

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩ মাৰ্চ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লা খনিত কাম কৰিবলৈ গৈ এমাহৰো অধিককাল সন্ধানহীন হৈ থকা জিলাখনৰ মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ প্ৰায় ২৪ বছৰীয়া যুৱকজনৰ সন্ধান দিয়াৰ দাবীত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰাঞ্জলৰ পৰিয়ালৰ লোকো উপস্থিত থাকে ৷ উল্লেখ্য, যোৱা ১২ জানুৱাৰীৰ পাছৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে প্ৰাঞ্জল ৷ পৰিয়ালৰ লোকে নিজেই বিচাৰখোচাৰ কৰাৰ লগতে মাৰ্ঘেৰিটা আৰক্ষীক একাধিক ব্যক্তিৰ নাম, ফোন নম্বৰকে ধৰি সম্পূৰ্ণ তথ্যসহ এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষী তথা প্ৰশাসনৰ পৰা সহযোগিতা নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰাঞ্জলৰ নিৰুদ্দেশৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ সমান্তৰালকৈ যুৱকজনৰ সন্ধান বিচাৰি একাধিক দল, সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ পাছতো মাৰ্ঘেৰিটাৰ আৰক্ষী তথা প্ৰশাসনে চৰম ব্যৰ্থতাৰ পৰিচয় দিছে ৷ কৃষক মুক্তি সংগ্রাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত চলিত বৰ্ষৰ ৮ মাৰ্চৰ ভিতৰত অসম চৰকাৰক নিৰুদিষ্ট প্রাঞ্জল মৰাণৰ সকলো তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনাই ইয়াৰ অন্যথা ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাজ্যৰ গৃহমন্ত্ৰীয়ে পদত্যাগ কৰা, প্ৰাঞ্জল মৰাণৰ পৰিয়ালে এজাহাৰত উল্লেখ কৰা সকলো ব্যক্তিক আইনৰ আওতালৈ আনি দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিয়া আৰু তিনিচুকীয়া জিলাৰ ক’ল ইণ্ডিয়া লিমিটেডৰ ক’ল ফিল্ডত চলি থকা কয়লা খননকে ধৰি সকলো অবৈধ কার্যকলাপ শীঘ্ৰে বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হয় ৷ উল্লেখ্য যে স্থানীয় ভাষাত ’খাদান’ বুলি জনাজাত লিডুৰ অবৈধ কয়লা খনিত (ৰেট হ’ল মাইনিং) সংঘটিত ইটোৰ পাছত সিটো দুৰ্ঘটনাত একাধিক শ্ৰমিক অকাল মৃত্যুৰ মুখত পৰিছে যদিও প্ৰায় প্ৰতিবাৰেই সমগ্ৰ ঘটনাক গাপ দিবলৈ সক্ষম হৈছে প্ৰভাৱশালী কয়লা মাফিয়া চক্ৰ ৷

মন্তব্য দিয়ক

Your email address will not be published.