আজিৰে পৰা আৰম্ভ বিষ্ণু জ্যোতি প্ৰাইজমানি ফুটবল

0 18
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯অক্টোবৰঃ পূব শোণিতপুৰ ক্রীড়া সন্থাৰ উদ্যোগত স্থানীয় নপাম ছিনিয়ৰ মাদ্ৰাছা হাইস্কুলৰ খেলপথাৰ আজিৰে পৰা অনুষ্ঠিত হোৱা ২৯ সংখ্যক বিষ্ণু জ্যোতি  প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই।পতাকা উত্তোলন কৰে তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কেৰালাকে ধৰি ৰাজ্য খনৰ দহটা ফুট বল দলে অংশ গ্ৰহণ কৰা  আজিৰ খেল খনত চাৰিদুৱাৰ চানজাৰং ফুটবল একাদশ আৰু পূবাঞ্চল ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়।চাৰিদুৱাৰ চানজাৰং ফুটবল একাদশে পূবাঞ্চল ফুটবল একাদশক ৪–১গলৰ ব্যৱধানত পৰাস্ত কৰে ।বিজয় দলৰ হৈ গল কেইটা কৰে ক্রমে বিৰিং কুমাৰ মোছাহাৰীয়ে দুটা,ৰাজু মণ্ডল আৰু পাপু বসুমতাৰীয়ে একোটাকৈ গল কৰে।বিজিত দলৰহৈ এক মাত্ৰ গলটো কৰে আকাশ ছেত্ৰীয়ে
মন্তব্য দিয়ক

Your email address will not be published.