আজি শোণিতপুৰ জিলাতো মুখ্যমন্ত্ৰীৰ প্রতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্পৰ কাৰ্যসূচী শুভাৰম্ভ

0 46
শতাব্দ প্ৰতিনিধি তেজপুৰ, জুলাইঃ গুৰুত্বপূর্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ, প্ৰতিষ্ঠানিক চৌহদৰ নান্দনিক সৌন্দৰ্যবৰ্ধন আৰু জলবায়ু পৰিৱর্তনৰ প্রশমনত সামূহিক সজাগতাৰ জৰিয়তে কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰাৰ দিশত এই কাৰ্যসূচী যোৱা কালি জনতা ভৱনত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  শুভাৰম্ভ কৰা পাছত আজি শোণিতপুৰ জিলাত শুভাৰম্ভ কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। আজি তেজপুৰ বাটমাৰীস্থিত তেজপুৰ সন্মিলনী কেন্দ্ৰত জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, অতিৰিক্ত উপায়ুক্তদ্বয় ৰমী বৰুৱা, দ্যুতিভা বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক মধুৰিমা দাস, সহকাৰী আয়ুক্ত নম্ৰতা দাস, কবিতা ফাংচো, বৰষা তালুকদাৰ, জিলা প্ৰশাসনৰ অনান্য বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত, জিলাৰ বন বিভাগৰ সহযোগত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। একেদৰে এই কাৰ্যসূচী জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্যালয়, পৰিষদ, নগৰীয়া স্থানীয় নিকায়-নিগম, শিক্ষানুষ্ঠান সমূহতো আয়োজন কৰা হৈছে। আজি ১৮ জুলাইৰ পৰা ১৫ আগষ্টলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত ৰূপন কৰা প্ৰতিটো গছপুলি Geo-tagging কৰি নিৰ্দিষ্ট পোৰ্টেলত আপলড কৰা হ’ব আৰু সঠিক যতন লোৱাৰ লগতে নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে তিনি বছৰলৈ এই পুলিবোৰৰ geo-tag কৰা ফটো আপলোড কৰি থাকিব লাগিব।
মন্তব্য দিয়ক

Your email address will not be published.