শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ছেপ্টেম্বৰঃ আজি দিনৰ দুই বজাৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ একনম্বৰ গেলাৰীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্হাৰ শোণিতপুৰ জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাখনত সভাপতিত্ব কৰে সংস্হাৰ ৰাজ্যিক সভাপতি তথা শোণিতপুৰ জিলা সমিতিৰ সভাপতি ড° মনোজ কুমাৰ হাজৰিকাই। সভাত তেজপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু পৰিষদৰ সাধাৰণ সম্পাদক ফখৰুদ্দিন আহমেদ, তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সংস্হাৰ সাধাৰণ সম্পাদক প্ৰসন্ন ৰাভা, তেজপুৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনী সভাৰ সাধাৰণ সম্পাদক অবনী বৰা আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক দুলাল নাথ উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংস্হাৰ সাধাৰণ সম্পাদক ৰাজ কমল দাসে। সভাত অহা আঠ নবেম্বৰত সংস্হাৰ কেন্দ্ৰীয় সমিতিৰ যৌথ মঞ্চই গ্ৰহণ কৰা “দিছপুৰলৈ পুৰণি পেঞ্চন প্ৰাপ্তিৰ পদযাত্ৰা আৰু প্ৰতিবাদী কাৰ্যসূচী”ক আদৰণি জনায়। সভাত এই কাৰ্যসূচী কেনেদৰে সফল ৰূপায়ন কৰিব পৰা যাব, সেই সন্দৰ্ভত চিন্তা চৰ্চা কৰাৰ লগতে বিশেষ ভাবে আলোচনা কৰা হয়। তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সংস্হাৰ সাধাৰণ সম্পাদক প্ৰসন্ন ৰাভাই আজিৰ সভাতে তেওঁলোকৰ সংস্হাৰ তৰফৰ পৰা পৰিকল্পিত পদযাত্ৰা কাৰ্যসূচীৰ বাবে পাঁচ হেজাৰ টকাৰ বৰঙণি আগবঢ়োৱাৰ কথা ঘোষণা কৰে। আজিৰ সভাত ড° মনোজ কুমাৰ হাজৰিকাক পুনৰ সংস্হাৰ সভাপতি আৰু চন্দন আচাৰ্যক সাধাৰণ সম্পাদক হিচাপে লৈ ২৫ জনীয়া শোণিতপুৰ জিলাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। সভাত সংস্হাৰ চাৰিখন আঞ্চলিক সমিতি ক্ৰমে তেজপুৰ, ঢেকিয়াজুলি, ৰঙাপাৰা আৰু জামুগুৰিৰ সভাপতি তথা সম্পাদক আদি কৰি শতাধিক এন পি এছ শিক্ষক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।