আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱলৈ দলে বলে অসমীয়া লেখক-সাহিত্যিক

'হোৱাট পয়েট্ৰি মিনছ টু মি' শিতানত যোৰহাটৰ ড° জ্যোতিৰেখা হাজৰিকাই কৰিব অংশগ্ৰহণ

0 183

১৫ খন দেশৰ ৪২৫ জনৰো অধিক লেখক, বিদ্বান, অনুবাদক, সাংবাদিক আৰু কলাকাৰে অংশগ্ৰহণ কৰিব । ৬০ টা ভাষাই প্ৰতিনিধিত্ব কৰিব।

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৪ জুন : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু সাহিত্য অকাদেমিয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ১৬-১৮ জুনত কলা আৰু সংস্কৃতি বিভাগ হিমাচল প্ৰদেশ চৰকাৰৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ আয়োজন কৰিছে। ভাৰতবৰ্ষৰ সকলোতকৈ বৃহৎ এই সাহিত্য উৎসৱলৈ শ্ৰীলংকা, নেপাল, বাংলাদেশ, থাইলেণ্ড, ফ্ৰান্স, মালদ্বীপ, নেদাৰলেণ্ড, নৰৱে, মাদাগাস্কাৰ, দক্ষিণ আফ্ৰিকা, উজবেকিস্তান, ইউ কে, ইউ এছ এ-কে আদি কৰি ১৫ খন দেশৰ ৪২৫ জনৰো অধিক লেখক, বিদ্বান, অনুবাদক, সাংবাদিক আৰু কলাকাৰে অংশগ্ৰহণ কৰিব য’ত মুঠ ৬৪ টা কাৰ্যক্ৰমত ৬০ টা ভাষাই প্ৰতিনিধিত্ব কৰিব। অসমীয়া ভাষাৰ হৈ ডাঃ ধ্ৰুৱজ্যোতি বৰা, কুল শইকীয়া, ড° কৰবী ডেকা হাজৰিকা, জয়শ্ৰী গোস্বামী, অনুৰাধা শৰ্মা পূজাৰী, লীনা শৰ্মা, মণিকুন্তলা ভট্টাচাৰ্য, মণিকা দেৱী, মৃদুল হালৈ আদিয়ে অংশগ্ৰহণ কৰিব। যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা তথা অসমৰ এগৰাকী বিশিষ্ট কবি, জনজাতীয় ভাষাৰ গৱেষক ড° জ্যোতিৰেখা হাজৰিকাই এই সাহিত্য উৎসৱত এগৰাকী কবি হিচাপে অংশগ্ৰহণ কৰিব। ‘হোৱাট পয়েট্ৰি মিনছ টু মি’ শিতানত বক্তব্য আগবঢ়োৱাৰ লগতে ড° হাজৰিকাই অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত স্বৰচিত কবিতা পাঠ কৰিব। উল্লেখযোগ্য যে, অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰাক্তন সম্পাদক ড° হাজৰিকাই ইতিমধ্যে ৭ খন কবিতা পুথি, ১ খন গল্প সংকলন, ৩ খন উপন্যাসিকা আৰু ১০ খন জনজাতীয় ভাষা-সাহিত্য আৰু লিপিবিষয়ক প্ৰবন্ধ সংকলন আৰু ‘হেম বৰুৱাৰ পছোৱাৰ কবিতাসমগ্ৰ’, ‘চন্দ্ৰ কটকীৰ কবিতা’কে মুখ্য কৰি ৩০ খনৰো অধিক গ্ৰন্থ, আলোচনী, স্মাৰক গ্ৰন্থ সম্পাদনা কৰিছে। সম্প্ৰতি সাহিত্য অকাদেমি অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ এগৰাকী সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ড° হাজৰিকাই উজনি অসমৰ হৈ এই বিশেষ উৎসৱত প্ৰতিনিধিত্ব কৰাটো আনন্দৰ বিষয়।

ড° জ্যোতিৰেখা হাজৰিকা

মন্তব্য দিয়ক

Your email address will not be published.