আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্ভাৱকৰ তালিকাত অসম কন্যা- উপাসনা

0 400

শতাব্দ,ষ্টাফ ৰিপৰ্টাৰ, ২ জুন : ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰি  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ “International young inventors & Innovators challenge”  নিৰ্বাচিত হৈছে অসমৰ উপাসনা বৰুৱা। যোৱা  ২৭-২৮ মে’ত গুজৰাটত অনুষ্ঠিত  ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতা অংশ লৈছিল দেশৰ ৯৮ টা প্ৰকল্পই।  ইয়াৰ ভিতৰত ২৫ টা প্ৰকল্প আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হয় বুলি আজি ঘোষণা কৰা হৈছে আৰু উপাসনায়ো ২৫ টা প্ৰকল্পৰ ভিতৰত নিজৰ স্থান ৰাখিবলৈ সক্ষম হয়। উল্লেখ্য যে এইবাৰ International young inventors & Innovators challenge ভাৰতৰে গোৱাত অনুষ্ঠিত হ’ব অহা নৱেম্বৰ মাহত। উপাসনা লখিমপুৰ জিলাৰ খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰীৰ একাদশ শ্ৰেণীৰ ছাত্ৰী তথা ভোগপুৰ শান্তিপুৰৰ বাসিন্দা। উপাসনা অষ্টম শ্ৰেণীত অধ্যয়নৰত অৱস্থাতে পিতৃৰ মৃত্যু ঘটে আৰু মাতৃ নিকুঞ্জ বৰুৱাই অশেষ কষ্টৰে উপাসনাৰ শৈক্ষিক জীৱন আগবঢ়াই নিছে। প্ৰকল্পটোত উপাসনা বৰুৱাৰ সহযোগী আছিল অলি চাবুকধৰা। আনহাতে তেঁওক গাইডৰূপে সম্পূৰ্ণৰূপে সহায়-সহযোগিতা আগবঢ়াইছিল শিক্ষাগুৰু তথা খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা যজ্ঞোৰাম বৰাই। উল্লেখ্য যে ৰাজ্যিক পৰ্যায়ত উপাসনাৰ চমকপ্ৰদ উত্থানৰ বাতৰি যোৱা ২৪ মে’ত শতাব্দত সবিস্তাৰে প্ৰকাশ পাই গৈছে।

 

 

মন্তব্য দিয়ক

Your email address will not be published.