আন্তঃ মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয় বিজয়ী

0 15

শতাব্দ প্ৰতিনিধি, লখিমপুৰ , ২০ অক্টোবৰ : টি এম পি কে লখিমপুৰ জিলা সমিতিৰ কাঙ্কিন কেবাং উদযাপনৰ সোণালী জয়ন্তী উপলক্ষে উত্তৰ লখিমপুৰ নগৰ সমিতিৰ উদ্যোগত যোৱা ১৮ অক্টোবৰ মঙ্গলবাৰে আয়োজন কৰা আন্তঃ মহাবিদ্যালয় ফুটবলৰ চূড়ান্ত প্ৰতিযোগিতাত উত্তৰ লখিমপুৰ খগাস্থিত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ে বিজয়ী সন্মান বুটলিবলৈ সক্ষম হৈছে। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুস্থিত চূড়ান্ত প্ৰতিযোগিতাখনত নাওবৈছা মহাবিদ্যালয়ক ২-১গলত পৰাস্ত কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ হৈ ধনেছৰ টাইড আৰু মোহন টাইডে বিজয় সূচক গল প্ৰদান কৰে।মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক নিৰ্মল নাথৰ তত্বাৱধানত খেলা ফুটবল দলটোৰ সফলতাত অঞ্চলবাসী ৰাইজে অভিনন্দন জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.