আন্তৰাষ্ট্ৰীয় সাহায্যৰ আশাত শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী আলি চাব্ৰিৰ চফৰ

0 19

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰত শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী আলি চাব্ৰিয়ে আশা প্ৰকাশ কৰিছে যে অহা চাৰি মাহৰ ভিতৰত দেশখনে বিশ্ব বেংকৰ পৰা ৩০০ ৰ পৰা ৬০০ নিযুত ডলাৰৰ ধন সাহায্য হিচাপে লাভ কৰিব। ঔষধকে ধৰি অন্যান্য ব্যৱহাৰ্য সামগ্ৰী ক্ৰয়ৰ বাবে এই ধন বেঙ্ক টোৱে প্ৰদান কৰিব। বৈদেশিক ঋণৰ বোজাত পোত গৈ একপ্ৰকাৰ দেউলীয়া হোৱা শ্ৰীলংকাই আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ওচৰতো সাহায্যৰ বাবে আবেদন কৰিছে যদিও তৎকালেই ইয়াৰ পৰা সাহায্য লাভ কৰাৰ আশা ক্ষীণ।

 

মন্তব্য দিয়ক

Your email address will not be published.