আপোনাৰ এৰেহাই বচাব পাৰে কোনো ভোকাতুৰক

'ষ্টপ ফুড ৱেষ্ট ডে'ত জানক আপোনাৰ কৰ্তব্য

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ এপ্ৰিল : আজি ‘ষ্টপ ফুড ৱেষ্ট ডে’। এই দিৱসৰ লক্ষ্য হ’ল খাদ্য বর্জ্যৰ পৰিসংখ্যা সলনি কৰি পেলোৱা। খাদ্য বর্জ্যৰ পৰিমাণ যাতে কমে, সেই লক্ষ্যৰেই এই বিশেষ দিনটো পালিত হয়। এই দিৱস হ’ল খাদ্য বর্জ্যৰ বিৰুদ্ধে যুদ্ধ দিয়া আন্তর্জাতিক দিন, যি বিশ্বৰ এক গুৰুতৰ আৰু ক্রমবর্ধমান সমস্যাক তুলি ধৰে। আপুনি জানেন যে, বিশ্বব্যাপী উৎপাদিত খাদ্যৰ প্রায় এক-তৃতীয়াংশ প্রতি বছৰে হয় এৰেহাত যায় বা নষ্ট হয়? অথচ কৰুণ কথাটো হ’ল সেই বিশ্বতেই কোটিৰো বেছি শিশুৱে দুবেলা পেট ভৰাই খাবলৈ নাপায়। অপুষ্টিত ভুগিয়েই ডাঙৰ হয় তেওঁলোক। ২০১৭ চনত খাদ্য পৰিসেৱা জগতৰ অন্যতম লিডিং ব্রেণ্ড ‘কম্পাছ গ্রুপ’-এ আৰম্ভ কৰে ষ্টপ ফুড ৱেষ্ট ডে। শপত লোৱা হয় এই দিনটোত উপভোক্তা, কর্পৰেট আৰু প্রভাৱশালীসকলে ত্ৰিছতকৈ বেছি দেশত খাদ্য অপচয়ৰ সমস্যা সম্পর্কে সচেতনতা বৃদ্ধিত আৰু পৰিৱর্তনক অনুপ্রাণিত কৰিবলৈ একেলগে কাম কৰিব। কেনেকৈ কার্যকৰীভাৱে খাদ্য ব্যৱহাৰ আৰু সংৰক্ষণ কৰা যায় সেই সম্পর্কীয় জ্ঞানৰ অভাৱৰ কাৰণে খাদ্যৰ অপচয় সমগ্ৰ বিশ্বতে এক মাৰাত্মক মহামাৰীৰ আকাৰ ধাৰণ কৰিছে। কিয় পালন কৰা হয় ষ্টপ ফুড ৱেষ্ট ডে, সেই প্রশ্ন উঠিবই পাৰে। তাৰ উত্তৰত কিছু তথ্য তুলি ধৰা হ’ল।

* বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপমতে ২০১৬ চনত পাঁচ বছৰৰ কম বয়সীয়া ৫.৬ মিলিয়ন শিশুৰ মৃত্যু হৈছে। যি গড়ে ১৫ হাজাৰ শিশুৰ মৃত্যুৰ হিচাপ দেখুৱাইছে। পাঁচ বছৰ বয়সৰ পূৰ্বে শিশুৰ মৃত্যুৰ হাৰ আফ্রিকাত সকলোতকৈ বেছি (প্রতি ১০০০ জীবিতৰ ভিতৰত ৭৬.৫ শতাংশ), ইউৰোপৰ তুলনাত প্রায় ৮ গুণ বেছি।

* প্রতি বছৰে প্রায় ৩.১ মিলিয়ন শিশু অপুষ্টিৰ কাৰণে মৃত্যু মুখত পৰে (UNICEF, ২০১৮)। ক্ষুধা আৰু অপুষ্টি বিশ্বব্যাপী শিশু মৃত্যুৰ অর্ধেকৰো বেছি ক্ষেত্রয মূল কাৰণ। কাৰণ অপুষ্টিয়ে শিশুৰ অসুস্থতা আৰু ৰোগ বঢ়াই তুলিব পাৰে।

* যিসকল শিশুৱে কম পুষ্টি পায় তেওঁলোক প্রতি বছৰে ১৬০ দিনৰ অসুস্থতাত ভোগে। অপুষ্টিয়ে মিজলচ আৰু মেলেৰিয়াসহ প্রতিটো ৰোগৰ প্রভাৱকে বঢ়াই তোলে। মৃত্যুৰ আনুমানিক অনুপাতত যেতিয়া অপুষ্টি এক অন্যতম কাৰণ, ডায়েৰিয়া (৬১%), মেলেৰিয়া (৫৭%), নিউমোনিয়া (৫২%), আৰু মিজলচ (৪৫%)।

* ৬৬ মিলিয়ন প্রাথমিক স্কুললৈ যোৱা শিশু উন্নয়নশীল দেশবোৰত ক্ষুধার্ত অৱস্থাত ক্লাছত উপস্থিত হয়। ইয়াৰে ২৩ মিলিয়ন আফ্রিকাত বাস কৰে। ক্ষুধাই শিকাৰ ক্ষমতাক ব্যাপকভাৱে প্রভাৱিত কৰে।

সেয়ে এতিয়া সময় আহিছে চকু মেলাৰ। খাদ্য নষ্ট কৰা বন্ধ কৰক। চেষ্টা কৰক খাদ্য নষ্ট নকৰি সেই খাদ্য কোনো ক্ষুধার্তক দিবলৈ। কোনে ক’ব পাৰে, আপোনাৰ এই উদ্যোগে হয়তো প্রাণ বচাব পাৰে কেইবাটাও শৈশৱৰ। সেই চেষ্টাতো কৰিবই পাৰি; নহয় জানো?

মন্তব্য দিয়ক

Your email address will not be published.