আমেৰিকান ডাক্তৰৰ বিশ্বাস নাই!

চিকিৎসাৰ বাবে মাকক ভাৰত পোৱালেহি পুত্ৰই

0 13
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জুলাইঃ অসুস্থ মাতৃক চিকিৎসাৰ বাবে এয়াৰ ফ্লাইং এম্বুলেন্স ভাড়াত লৈ ভাৰত পোৱালেহি এজন আমেৰিকান নাগৰিকে। সাধাৰণতে ভাৰতৰ বহু লোক উন্নত চিকিৎসা সেৱাৰ বাবে বিদেশলৈ উৰা মাৰে। ভাৰতৰ বিখ্যাত লোকসকল ইউৰোপৰ কোনো এখন দেশ বা আমেৰিকালৈ চিকিৎসাৰ বাবে যায় যদিও আমেৰিকাৰ পৰা কোনো লোক চিকিৎসাৰ বাবে ভাৰতলৈ অহাৰ নজিৰ নাই। কিন্তু বাস্তৱত এনেকুৱা এটা ঘটনাই ঘটিছে। আমেৰিকাৰ প’ৰ্টলেণ্ডৰ পৰা চেন্নাইলৈ চিকিৎসাৰ বাবে আহিছে এগৰাকী ৬৭ বছৰীয়া মহিলা। জানিব পৰা মতে তেওঁৰ হৃদযন্ত্ৰৰ সমস্যা আছে। আমেৰিকাৰ পৰা এয়াৰ এম্বুলেন্সৰ বিমানেৰে তেওঁ ভাৰত পাইছেহি। এই যাত্ৰাত তেওঁৰ প্ৰায় ২৬ ঘণ্টা সময় লাগিল। কোৱা হৈছে যে ই বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘলীয়া এৰ’মেডিকেল যাত্ৰা। কিন্তু আমেৰিকাৰ চিকিৎসাৰ সুবিধাবোৰ এৰি তেওঁলোক ভাৰতলৈ কিয় আহিল? উত্তৰত মহিলাগৰাকীৰ পুত্ৰই কয় যে, তেওঁ আমেৰিকাৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত সন্তুষ্ট নহয়। তেওঁ লগতে কয় যে, তেওঁ প্ৰায় এক কোটি টকা খৰচ কৰি মাতৃক চিকিৎসাৰ বাবে ভাৰতলৈ আনিছে। ভাৰতীয়সকল সাধাৰণতে টকা থাকিলে চিকিৎসাৰ বাবে বিদেশলৈ যায়। কিন্তু ইমান টকা খৰচ কৰি চিকিৎসাৰ বাবে ভাৰতলৈ আহিল এইবাৰ। পৰিসংখ্যাই দেখুৱাইছে যে অনাগত দিনত ভাৰত চিকিৎসা পৰ্যটনৰ এক বৃহৎ বজাৰ হ’বলৈ গৈ আছে। জানিব পৰা মতে, মহিলাগৰাকীক ভাৰতলৈ আনিবলৈ প্ৰায় ১৩,৩০০০ ডলাৰ খৰচ হৈছিল। মহিলাগৰাকীক উৰণীয়া আই চি ইউত অনা হয়। দুজন চিকিৎসক আৰু তিনিজন সহায়কৰ এটা চিকিৎসা দল তেওঁৰ আছিল। জানিব পৰা মতে, ভাৰতত মহিলাগৰাকীৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা হ’ব। সকলোৱে কামনা কৰিছে যে তেওঁ যাতে সুস্থ হৈ ঘৰলৈ উভতি যাব পাৰে।
মন্তব্য দিয়ক

Your email address will not be published.