আমেৰিকায়ো ক্ৰয় কৰিব ভাৰতীয় যুঁজাৰু বিমান

মেক ইন ইণ্ডিয়াৰ জয়জয়কাৰ !

0 40

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ আগষ্ট : সামৰিক সঁজুলিৰ ক্ষেত্ৰত ইতিমধ্যে ভাৰত বহুলাংশে বিদেশী নিৰ্ভৰশীল আছিল। কিন্তু, এইবাৰ কেন্দ্ৰীয় চৰকাৰে এই ধাৰা পৰিত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। কেৱল সেয়াই নহয়, এতিয়া বিদেশলৈ নিজা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰাত ব্যাপক গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ সুফল ক্ৰমান্বয়ে লাভ কৰিবলৈ আৰম্ভ কৰা হৈছে। কাৰণ বহু দেশে চীনা বা ৰাছিয়াৰ যুঁজাৰু বিমানৰ সলনি ভাৰতৰ তেজছ যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ আগ্ৰহী। সেই তালিকাত নতুনকৈ সংযোজন হৈছে আমেৰিকা। ইতিমধ্যে জনা গৈছে যে মালয়েছিয়াক থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ১৮খন যুঁজাৰু বিমান বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই প্ৰেক্ষাপটত যোৱা ৫ আগষ্ট শুকুৰবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছিল যে মালয়েছিয়াৰ বায়ুসেনাই যোৱা বছৰ ভাৰতৰ পৰা মুঠ ১৮খন তেজছ বিমান ক্ৰয় কৰিব বিচাৰিছে। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল মালয়েছিয়া, অষ্ট্ৰেলিয়া, ইজিপ্ত, আৰ্জেণ্টিনা, আমেৰিকা, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছো ভাৰতত নিৰ্মিত যুদ্ধ বিমান ক্ৰয়ৰ বাবে আগ্ৰহী। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৫ আগষ্টত এক বিবৃতিযোগে এই খবৰ ৰাজহুৱা কৰিছে। যোৱা মাহত মালয়েছিয়াই ভাৰতত নিৰ্মিত তেজছ লঘু যুদ্ধ বিমানখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ খবৰ ওলাইছিল। এইচ এ এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আৰ মাধৱনে এক সাক্ষাৎকাৰত কয় যে মালয়েছিয়া সময়ৰ লগে লগে বায়ুসেনাৰ উন্নতিৰ পথত আগবাঢ়িছে। ভাৰতৰ এই যুদ্ধ বিমানখনৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে। উল্লেখ্য যে তেজছৰ ‘লাইট কম্বেট এয়াৰক্ৰাফ্ট’ সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে। এই যুদ্ধ বিমানখনে ইতিমধ্যে একাধিক পৰীক্ষাত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু প্ৰদৰ্শনত ভাল ফলাফল দিছে। অতি লঘু তেজছ যুঁজাৰু বিমান শক্তিশালী ক্ষেপণাস্ত্ৰ কঢ়িয়াব পৰাকৈ সক্ষম। শত্ৰুৰ যুদ্ধ বিমান ধ্বংস কৰাৰ উপৰি তেজছে শত্ৰুৰ দৃষ্টিৰ পৰা আঁতৰত থাকি নিৰ্দিষ্ট লক্ষ্যত আঘাত কৰিব পাৰে। এনে অৱস্থাত যোৱা বছৰ ভাৰত চৰকাৰে হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ সৈতে প্ৰায় ৬ বিলিয়ন মাৰ্কিন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছিল। য’ত মুঠ ৮৩ খন তেজছ বিমান নিৰ্মাণৰ কথা উল্লেখ কৰা হৈছে। ২০২৩ চনৰ ভিতৰত এই বিমানসমূহ সাজু হ’ব বুলি অনুমান কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.