আমেৰিকাৰ উপকূলত ধৰা পৰিল নীলা মিছা মাছ

0 49

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই : আমি দেখা বা জনা মিছা মাছৰ ৰং সাধাৰণতে বগা, বাদামী বা ৰঙা হয়। কিন্তু আমেৰিকাৰ প’ৰ্টলেণ্ডৰ উপকূলত এটা মিছা মাছ ধৰা পৰিছে, যিটো মিছা মাছৰ বৰণ নীলা! মিছা মাছটো ধৰা ব্যক্তিজনৰ নাম লাৰ্ছ জোয়ান লাৰ্ছন। মাছটো ধৰাৰ পিছত তেওঁ ছ’চিয়েল মিডিয়াত ইয়াৰ ফটো শ্বেয়াৰ কৰে। মাছটো প’ৰ্টলেণ্ডৰ উপকূলত বন্দী কৰা হৈছিল বুলি তেওঁ টুইটাৰত কেপচনত লিখিছে। কিন্তু মাছটো তেওঁ পুনৰ পানীত এৰি দিয়ে, কাৰণ এই বিৰল বৰণৰ মাছটোৱে বংশবৃদ্ধি কৰাটো বিচাৰে তেওঁ। ইয়াৰ বৃদ্ধিৰ সুযোগ আছে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে লাৰ্ছনৰ এই পোষ্ট। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মাৰ্চ মাহত যুক্তৰাজ্যৰ উপকূলত এনে ধৰণৰ মিছা মাছ পোৱা গৈছিল। নীলা মিছা মাছৰ বিষয়ে ইতিমধ্যে বহু গৱেষণা হৈছে। মিছা মাছ কিয় নীলা হয় সেই কথাও বিজ্ঞানীসকলে উদ্ধাৰ কৰিছে। জেনেটিক কাৰণত নীলা ৰঙৰ হোৱা বুলি কোৱা হৈছে। ইয়াৰ দেহত আন মিছা মাছতকৈ অধিক পৰিমাণৰ এবিধ বিশেষ প্ৰটিন থাকে। ফলত মাছটোৰ ৰং নীলা হৈ পৰে। যুক্তৰাজ্যৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ত এই নীলা মিছা মাছৰ বিষয়ে অধ্যয়ন কৰা হৈছে। বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কয় যে, নীলা মিছা মাছ সঁচাকৈয়ে বিৰল। কাৰণ, প্ৰতি ২০ লাখ মিছা মাছৰ ভিতৰত এটা নীলা মিছা মাছ পোৱাৰ সম্ভাৱনা থাকে।

মন্তব্য দিয়ক

Your email address will not be published.