আমেৰিকাৰ গাড়ী নিৰ্মাতা ফৰ্ডৰ প্লাণ্ট ক্ৰয় টাটা মটৰ্ছৰ

গুজৰাটত থকা ফৰ্ড কোম্পানীৰ প্লাণ্ট ৭২৫.৭ কোটি টকাত ক্ৰয়

0 47

শতাব্দ বিশেষ প্ৰতিনিধি, ১২ আগষ্টঃ ভাৰতৰ টাটা মটৰ্ছে ক্ৰয় কৰিছে আমেৰিকাৰ গাড়ী কোম্পানী ফৰ্ডৰ প্লাণ্ট। পশ্চিম ভাৰতৰ ৰাজ্য গুজৰাটত থকা ফৰ্ড কোম্পানীৰ এই প্লাণ্টটো টাটাই ৭২৫.৭ কোটি টকাত ক্ৰয় কৰিছে মূলতঃ নিজৰ গাড়ীৰ উৎপাদন বৃদ্ধিৰ বাবে। সোমবাৰে বিবিচিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। ফৰ্ডৰ পৰা প্লাণ্টটো ক্ৰয় কৰাৰ পিছত টাটা মটৰ্ছে ইলেক্ট্ৰিক গাড়ী নিৰ্মাণৰ নতুন প্ৰকল্প আৰম্ভ কৰিব। দুয়োটা কোম্পানীৰ মাজত হোৱা চুক্তি অনুসৰি ভাৰতত থকা ফৰ্ডৰ প্লাণ্টৰ মাটি, যন্ত্ৰপাতি আৰু যোগ্যতাসম্পন্ন লোকক অধিগ্ৰহণ কৰিব টাটাই।

ফৰ্ড এই সিদ্ধান্তৰ ফলত ৪ হাজাৰ শ্ৰমিক প্ৰভাৱিত হ’ব বুলিও তেওঁলোকক জনোৱা হৈছিল। টাটা মটৰ্ছৰ এক বিবৃতিত কোৱা হৈছে যে, ‘এই চুক্তি সময়োপযোগী। ইয়াত সকলো পক্ষই লাভৱান হ’ব৷’

ভাৰতৰ বিদেশী গাড়ী নিৰ্মাতা কোম্পানীসমূহে কঠিন সময় পাৰ কৰিছে। আমেৰিকাৰ কোম্পানী জেনেৰেল মটৰ্ছ, জাৰ্মানীৰ ভক্সৱেগেনৰ মেন ট্ৰাকছ আৰু বিশ্ববিখ্যাত মটৰ চাইকেল নিৰ্মাতা হাৰ্লি ডেভিডছনে শেহতীয়াকৈ ভাৰতত উৎপাদন বন্ধ কৰি দিছে।

চলিত বৰ্ষৰ আৰম্ভণিতে জাপানৰ অন্যতম আগশাৰীৰ অটোমোবাইল কোম্পানী নিছানে চাহিদাৰ অভাৱত তেওঁলোকৰ ‘ডাটছুন’ ব্ৰেণ্ডৰ গাড়ীসমূহ ভাৰতীয় বজাৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। সেই তালিকাত এতিয়া ফৰ্ডৰ নাম সংযোজন কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.