আমেৰিকাৰ পৰা ৩০০ কোটি ডলাৰৰ ড্ৰ’ন ক্ৰয়

আলোচনাত প্ৰায় চূড়ান্ত হ'ল সিদ্ধান্ত

0 35

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ আগষ্ট : তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা মহম্মদ ওমৰৰ পৰা আৰম্ভ কৰি ছিৰিয়াৰ আল কায়দাৰ মুৰব্বী ছালিম আবু আহমেদলৈকে আমেৰিকাৰ প্ৰিডেটৰ ড্ৰ’নৰ দুটা দশকৰ ‘চিকাৰ’ৰ ভিতৰত অন্যতম। সেই ড্ৰ’ন এইবাৰ ভাৰতলৈ আহিব। লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক লৈ চীনৰ সৈতে বিবাদৰ মাজতে শীঘ্ৰেই ভাৰতলৈ আহিব পাৰে আমেৰিকাৰ ‘প্ৰিডেটৰ ড্ৰ’ন’। ড্ৰ’ন চুক্তিৰ সৈতে পৰিচিত এক সূত্ৰই ২১ আগষ্টত এইদৰে কয়। কেন্দ্রীয় চৰকাৰে ভাৰতীয় স্থল, নৌসেনা আৰু বায়ুসেনাৰ বাবে প্রিডেটৰ এম কিউ-৯ বিৰ ‘চী গাৰ্ডিয়ান’ আৰু ‘স্কাই গাৰ্ডিয়ান’ সংস্কৰণ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জেনেৰেল এটমিক্স গ্ল’বেল কৰ্প’ৰেশ্যনৰ মুখ্য বিষয়া বিবেক লালে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, এই ড্ৰ’ন সন্দৰ্ভত ভাৰত আৰু আমেৰিকা চৰকাৰৰ মাজত হোৱা আলোচনা প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। অৱশ্যে তেওঁ কয় যে কি আলোচনা কৰা হৈছিল সেই বিষয়ে দুয়োখন চৰকাৰৰ প্ৰতিনিধিয়েহে ভালদৰে জানিব। কিন্তু ভাৰতক সহায় কৰিবলৈ সাজু হৈছে জেনেৰেল এটমিক্স। যোৱা বছৰ আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিবেক লালক সাক্ষাৎ কৰিছিল। সূত্ৰটোৱে জনোৱা মতে অধিক উচ্চতাত উৰিব পৰা ক্ষমতা থকা প্ৰিডেটৰ ড্ৰ’ন ক্ৰয় কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল। এই আমেৰিকান আক্ৰমণকাৰী ড্ৰ’নখন ‘MQ-9 Reaper’ নামেৰে জনাজাত। এই ড্ৰ’নৰ ৫০ হাজাৰ ফুট উচ্চতাত ২৭ ঘণ্টা অবিৰতভাৱে উৰিব পৰা ক্ষমতা আছে। ইয়াৰ সৰ্বোচ্চ বহন ক্ষমতা ১৭৪৬ কিলোগ্ৰাম। ভাৰতে প্ৰায় ৩০০ কোটি ডলাৰ ব্যয় কৰি এই ড্ৰ’ন ক্ৰয় কৰিছে। আমেৰিকাৰ বাহিৰেও এই প্ৰিডেটৰ ড্ৰ’ন শেহতীয়াকৈ ইটালী, ফ্ৰান্স আৰু স্পেইনৰ বায়ুসেনাই ব্যৱহাৰ কৰিছে। এইবাৰ ভাৰতৰ নামো সেই তালিকাত সোমাবলৈ গৈ আছে। ভাৰতেও এই ড্ৰ’নসমূহ ব্যৱহাৰ কৰি ৭৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলৰ কাষত নজৰদাৰী চলাব পাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.