আলফাৰ প্ৰতিবাদ দিৱসত পৰেশ অসমৰ বিবৃতি

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ নৱেম্বৰঃ ১৯৯০ চনৰ ২৮ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে অসমত অপাৰেচন বজৰংগ আৰম্ভ কৰাৰ লগতে আলফাক নিষিদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদত আলফাই প্ৰতিবছৰে ২৮ নৱেম্বৰত পালন কৰা প্ৰতিবাদ দিৱসত এইবাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফাৰ উচ্চতম পৰিষদৰ সভাপতি জেনেৰেল পৰেশ অসমে। আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে প্ৰেৰণ কৰা এক ই মেইল বিবৃতিত পৰেশ অসমে ভাৰতীয় সেনাই বলাৎকাৰ কৰি হত্যা কৰা ৰাজু বৰুৱাকে কেন্দ্ৰ কৰি সেনাই হত্যা কৰা একাধিক লোকৰ প্ৰসংগ উত্থাপন কৰি সেনাৰ বৰ্বৰতাৰ কথা স্বাধীনমনা অসমীয়াই কেতিয়াও নাপাহৰে উল্লেখ কৰিছে। আনহাতে ইউনিফাইড কামাণ্ড ষ্টাকচাৰৰ জৰিয়তে অসমৰ বহু নিৰীহ যুৱক-যুৱতীক সুদীৰ্ঘ কালৰ বাবে কাৰাৰুদ্ধ কৰাৰ ক্ষেত্ৰতো আলফাই চৰকাৰক কঠোৰ সমালোচনা কৰিছে। ভাৰতে উধম সিং, ভগত সিং, সুভাষ চন্দ্ৰ বসুক সন্ত্ৰাসবাদী বুলি অভিহিত কৰা নাই, একেদৰে নেলচন মেণ্ডেলা বা য়াচিৰ আৰাফটক সন্ত্ৰাসবাদী বুলি অভিহিত নকৰাৰ পিছতো কি যুক্তিত আলফাক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিলে বুলি খেদ প্ৰকাশ কৰিছে। একেটা বিবৃতিতে আলফাই অসমৰ একাংশ বুদ্ধিজীৱীকো অসমৰ ৰাজনৈতিক কাৰকবোৰ একাষৰীয়া কৰি ৰাষ্ট্ৰৰ গুণগান গোৱা কাৰ্যক সমালোচনা কৰে।২৮ নৱেম্বৰৰ কলা দিনটোতে আলফাই অমৰ মৃতক সকলক গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা বুলিও সদৰী কৰে।

মন্তব্য দিয়ক

Your email address will not be published.