শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ ছেপ্টেম্বৰ : আলফাৰ (স্বাঃ) শেহতীয়া গতিবিধি সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পাছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ দলে শুকুৰবাৰে তিনিচুকীয়াৰ ৬ টা নিৰ্দিষ্ট স্থানত অভিযান চলায় ৷ তিনিচুকীয়া আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই যদিও নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা মতে তিনিচুকীয়া আৰক্ষী জিলাৰ ৬ স্থানত আকস্মিকভাৱে চলোৱা এই অভিযানত এন আই এৰ দলে কেতবোৰ নথিপত্ৰ জব্দ কৰে ৷ ইফালে শদিয়া আৰক্ষী জিলাৰ বিভিন্ন স্থানটো এন আই এৰ অভিযান চলা বুলি প্ৰকাশ ৷ সূত্ৰমতে এই অভিযানৰ সময়ত সজীৱ গুলীও জব্দ কৰে এন আই এৰ দলে ৷ কিন্তু এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য লাভ কৰিব পৰা হোৱা নাই ৷ উল্লেখ্য যে আলফাৰ (স্বাঃ) সদস্যভর্তি অভিযান, ধন দাবী আৰু অন্যান্য আইনবিৰোধী কামকাজ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে শুকুৰবাৰে কামৰূপ, নলবাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ১৬ স্থানত অভিযান চলাইছিল ৷ উক্ত অভিযানত এন আই এৰ দলে সক্রিয় গুলী, বাৰুদৰ লগতে ডিজিটেল ডিভাইচ আৰু বিভিন্ন নথিপত্ৰ জব্দ কৰা বুলি প্ৰকাশ ৷