আশ্চৰ্যঃ  ৫০ বছৰৰ পাছত অন্ধ হৈ পৰে গাঁৱৰ পুৰুষসকল

0 14

শতাব্দ বিশেষ প্ৰতিনিধি, ১১ আগষ্টঃ সেউজীয়াৰে আগুৰি থকা পাহাৰীয়া গাঁওখনৰ মুঠ বাসিন্দা ৩৬০ জন। ইয়াৰে ৭৫ শতাংশ অন্ধ। শুনিলে আচৰিত হ’লেও এই কথা সঁচা। কাৰণ উত্তৰ আমেৰিকাৰ দেশ পেৰুৰ সেই দুৰ্গম পাহাৰীয়া গাঁৱৰ মানুহবোৰৰ ভাগ্য এয়াই।

সংবাদ মাধ্যম “দ্য ৱৰ্ল্ড” আৰু “আল-জাজিৰা”ত এনে তথ্য প্ৰকাশ পাইছে।

সৰু পাহাৰীয়া গাঁও পাৰাণত ৫০ বছৰ আৰু তাতকৈ অধিক বয়সৰ ৬০ জন লোক এতিয়া অন্ধ হৈ পৰিছে। পৰিস্থিতি ইমানেই ভয়াৱহ যে এতিয়া পৰাণক ‘অন্ধৰ গাঁও’ বা ‘দৃশ্যহীনসকলৰ গাঁও’ নামেৰে জনাজাত। বহুদিনৰ আগতে সাতটা পৰিয়ালে গাঁওখন নিৰ্মাণ কৰিছিল। বিশ্বাস কৰা হয় যে তেওঁলোকে লগত লৈ আহিছিল অন্ধতা ৰোগ। কিছুদিনৰ বাবে দূৰৱৰ্তী পৰাণত ডাক্তৰক দেখুৱাই ৰোগৰ চিকিৎসা কৰাৰ কথা চিন্তা কৰাটো সম্ভৱ নহ’ল। ডাক্তৰ এজনো আছিল। ৰাস্তাহে নাছিল। শেহতীয়াকৈ গাঁওখনক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা নতুন পথ নিৰ্মাণ কৰা হৈছে। গাঁওবাসীয়ে অঞ্চলটোত সোণ-ৰূপৰ সন্ধানত খনন কোম্পানীৰ জৰিয়তে প্ৰথম চিকিৎসা লাভ কৰে। মাইনিং কোম্পানীটোৰ চিকিৎসকসকলেই গাঁৱৰ অন্ধ মানুহবোৰৰ চকু পৰীক্ষা কৰে। তেওঁলোকে ক’লে, এই ৰোগ আচলতে জন্মগত। AX ক্ৰম’জমৰ সমস্যাৰ বাবে এই ৰোগ সৃষ্টি হয়। চিকিৎসকে কয় যে মাতৃসকলৰ AX Chromosome ৰ সমস্যাৰ বাবেই তেওঁলোকৰ পুত্ৰৰ জন্ম হয় ভৱিষ্যতে অন্ধ হোৱাৰ ভাগ্য লৈ।

মন্তব্য দিয়ক

Your email address will not be published.