শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাই : বিশ্ববাসীৰ বাবে সুখবৰ। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ প্ৰথমটো মেলেৰিয়া ভেকচিনত অনুমোদন জনাইছে। আফ্ৰিকা মহাদেশত মেলেৰিয়াৰ ভেকচিনৰ বিপণনত প্ৰথম অৱস্থাত WHO-এ অনুমোদন জনাইছে। প্ৰতিষেধকৰ প্ৰভাৱৰ বাবে ক্ৰমান্বয়ে বিশ্বৰ পৰা নিৰ্মূল হ’ব মেলেৰিয়া। বিশ্ব স্বাস্থ্য সংস্থাই আফ্ৰিকা মহাদেশৰ ৩খন দেশত এই ভেকচিনৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। ঘানা, কেনিয়া আৰু মালাউই— সম্প্ৰতি আফ্ৰিকা মহাদেশৰ এই ৩খন দেশত মেলেৰিয়াৰ প্ৰতিষেধক উপলব্ধ হ’ব। এই ভেকচিন প্ৰস্তুত কৰাৰ আঁৰত বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনে এক বৃহৎ অৱদান আগবঢ়াইছে। নতুন মেলেৰিয়া ভেকচিনটোৰ নাম হৈছে মস্কুৰিক্স। গ্লেক্সোস্মিথক্লাইন নামৰ এটা কোম্পানীয়ে এই ভেকচিন বিক্ৰী কৰিছে। ৪ টা ড’জৰ ভেকচিন। মেলেৰিয়াৰ বিৰুদ্ধে যুঁজত এই ভেকচিনক ‘ঐতিহাসিক’ পদক্ষেপ বুলি WHO-এ আখ্যা দিয়ে। কিন্তু বিশেষজ্ঞৰ এটা দলৰ মতে এই ভেকচিন এতিয়াও ৫০ শতাংশও ফলপ্ৰসূ নহয়। অৱশ্যে মেলেৰিয়াত আক্ৰান্তৰ মৃত্যুৰ হাৰ হ্ৰাস পাব বুলি WHO আশাবাদী। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আফ্ৰিকাত প্ৰতি বছৰে বহু শিশুৰ মেলেৰিয়াত মৃত্যু হয়। যিসকল মূলতঃ ৫ বছৰৰ তলৰ শিশু। পৰিসংখ্যা অনুসৰি ২০২০ চনত আফ্ৰিকা মহাদেশত মুঠ ২ কোটি ৪০ লাখ লোক মেলেৰিয়াত আক্ৰান্ত হৈছিল। ইয়াৰে ৬ লাখ ২০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল। কিন্তু এই ভেকচিন সকলোৰে মাজলৈ নিয়াত এটা ডাঙৰ বাধা হৈছে ইয়াৰ যোগান। জি এছ কেয়ে জনাইছে যে ২০২৮ চনৰ ভিতৰত তেওঁলোকে বছৰি ১৫ লাখ ড’জ উৎপাদন কৰিবলৈ সক্ষম হ’ব। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই অনুমান কৰামতে প্ৰতি বছৰে আফ্ৰিকাত জন্ম হোৱা ২৫ লাখ শিশুৰ বাবেই মুঠ ১০ কোটি ড’জৰ প্ৰয়োজন হয়।