আয়তীৰ উৰুলি- জাত-জাত বিয়া নামৰ মাজতে ৫৮৮ জোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন

লখিমপুৰত আৰ্থিক ভাৱে জুৰুলা দম্পতীক হংস ফাউণ্ডেছনৰ সকাহ

0 20

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩ আগষ্টঃ এখন নহয় দুখন নহয়, আজি লখিমপুৰত একেলগে সম্পন্ন হয় ৫৮৮ জোৰা দম্পতীৰ সমূহীয়া বিবাহ ।সেয়ে আজি পুৱাৰে পৰা উদুলি মুদুলি হৈ পৰে লখিমপুৰ চহৰৰ ত্যাগ ক্ষেত্ৰৰ বাকৰি । হোম যজ্ঞ আৰু বিধি পাঠৰ ধ্বনিত মুখৰিত হল ত্যাগ ক্ষেত্ৰৰ সমূহীয়া বিবাহ স্থলী । এযোৰা দুযোৰাকৈ ত্যাগ ক্ষেত্ৰৰ বিবাহ স্থলীত ৰভাৰ তলত বহিল একেলগে ৫৮৮ জোৰা দৰা -কইনা । লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু উত্তৰাখণ্ডৰ হংস ফাউণ্ডেছনৰ সহযোগত আজি ত্যাগ ক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত হল এই সামুহিক বিবাহ । জিলাখনৰ ভিন্ন প্ৰান্তৰ অসামাজিক ভাবে বিবাহ পাশত আবদ্ধ দুখীয়া দম্পতীয়ে ধৰ্মীয় ৰীতি নীতিৰে বান্ধ খালে আনুষ্ঠানিক বিবাহত আৰু পালে সামাজিক স্বীকৃতি । প্ৰায় ২০ বছৰ বয়সৰ পৰা ৬০ বছৰ বয়সৰ পৰ্য্যন্ত দৰা বহিল এই বিবাহত । বৈদিক আৰু বিধিপাঠ এই দুয়োটা পদ্ধতিৰেই চলিল বিবাহৰ কাম । ইয়াৰ মাজতে চকলং পদ্ধতিৰেও ৮ জোৰা দম্পতিয়ে ললে যুগ্ম জীৱনৰ শপত।হোমযজ্ঞ, বিধিপাঠৰ জৰিয়তে চলা বিবাহ স্থলীত পুৰোহিতৰ মন্ত উচ্ছাৰণৰ সমানে সমানে জাউৰীয়ে জাউৰীয়ে শুনা গল বিয়ানাম । আয়তীৰ উৰুলি, বিয়ানামৰ ধ্বনিত মুখৰিত হল ত্যাগ ক্ষেত্ৰৰ বাকৰি । ইয়াৰ সমান্তৰালকৈ চলিল বিহুও । একেদৰে ৰভাতলিত পৰমান্নৰে চলিল অভ্যৰ্থনাও। মুঠতে আজিৰ দিনটোত ৰজন জনাই থাকিল ত্যাগ ক্ষেত্ৰৰ বাকৰি । একেদৰে সামাজিক ভাবে বিবাহ পাশত আবদ্ধ এই দৰা কইনা প্ৰতি জোৰাক প্ৰদান কৰা হয় আইনী বিবাহৰ মানপত্ৰও । বিবাহত বহা প্ৰতি জোৰা দৰা কইনাক আয়োজক সমিতিৰ তৰফৰ পৰা বিবাহ অনুষ্ঠানটোত প্ৰয়োজন হোৱা প্ৰতিটো সামগ্ৰী প্ৰদান কৰাৰ লগতে আন কেতবোৰ সামগ্ৰীও দিয়ে উপহাৰ হিচাপে । লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিয়ে আয়োজন কৰা এই বিবাহ অনুষ্ঠানৰ সম্পূৰ্ন খৰচ বহন কৰিছে হংস ফাউণ্ডেছনৰ স্বামী ভোলেজী মহাৰাজ আৰু মাতা মংগলাৰাজে। আজি বিবাহ অনুষ্ঠানৰ সমান্তৰালকৈ ত্যাগক্ষেত্ৰত অনুষ্ঠিত বিবাহৰ শুভৰম্ভণি অনুষ্ঠানত হংস ফাউনদেশ্যনৰ বিষয় ববীয়াৰ লগতে সত্ৰাধিকাৰ, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, আদি উপস্থিত থাকে। বিবাহ অনুষ্ঠানত ২ গৰাকী মুখ্য পুৰোহিত লগতে, ১৫ গৰাকী পুৰোহিতে অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.