আৰক্ষী বিষয়াৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি ৰোষত কনিষ্টবল

 লখিমপুৰত জ্বলিল অ'চিৰ পুত্তলিকা

0 27

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৬ এপ্ৰিল: লখিমপুৰত আৰক্ষী বিষয়াৰ‌ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি উৰ্ধতন আৰক্ষীৰ ৰোষত পৰিল বিহপুৰীয়া থানাৰ কনিষ্টবল প্ৰেমধৰ নৰহ। আজি তেওঁক ৰিজাৰ্ভ ক্লজ কৰা হয়। উল্লেখ্য যে সোমবাৰে বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ বিৰুদ্ধে একেখন থানাৰে কনিষ্টবল প্ৰেমধৰ নৰহে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰি উৎপল বৰাই সামান্য কথাতে থানাৰ কোঠাত আৱদ্ধ কৰি নৰহক গুৰুতৰ ভাৱে প্ৰহাৰ কৰে। সংবাদমেল যোগে এই কথা মুকলিকৈ সদৰি কৰাৰ পিছত আজি নৰহক আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্লজ কৰে। ইফালে বিহপুৰীয়া থানাৰ আৰক্ষী বিষয়া উৎপল বৰাৰ শাস্তিৰ দাবী জনাই মিচিং ছাত্ৰ সংগঠন টি এম পি কেৰ একাংশ সদস্যই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আৰক্ষী বিষয়া উৎপল বৰাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিহপুৰীয়া থানাৰ অচি উৎপল বৰাৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী অধীক্ষকক টি এম পিকেই দাবী জনাইছে। অন্যথা তেওঁ লোকে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.