আৰ্তজনৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ তেজপুৰ কন্যা মহাবিদ্যালয়ৰ

মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগক প্ৰশংসা

0 42

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৪ জানুৱাৰী : তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত কালি তেজপুৰৰ নিকটবৰ্তী বিন্দুকৰি গাওঁ পঞ্চায়তৰ পখীয়াঝাৰ গাঁও এলেকাৰ দৰিদ্ৰ-নিচলা পৰিয়ালৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ কৰা হয়। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়িকা বৰ্ণালী দেৱীৰ উদ্যোগত মহাবিদ্যালয়খনৰ ছাত্ৰী তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সদস্যাসকলে শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতাই ছাত্ৰীসকলক এনে কাৰ্যসূচীত নিয়োজিত কৰাৰ মাধ্যমেৰে ছাত্ৰীসকলৰ মাজত মূল্যবোধৰ শিক্ষা প্ৰদানৰ প্ৰয়াসো জড়িত হৈ আছে বুলি মন্তব্য কৰে। মহাবিদ্যালয়খনৰ একাংশ অধ্যাপক-অধ্যাপিকাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখ্য যে মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত সময়ে সময়ে মহাবিদ্যালয়খনে এনে সমাজ চেতনাৰ দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে। স্হানীয় ৰাইজ তথা তেজপুৰৰ সচেতন মহলে মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিখনে লোৱা এই পদক্ষেপৰ বাবে তত্বাবধায়িকা বৰ্ণালী দেৱী আৰু অধ্যক্ষ ড° তপন কুমাৰ কলিতাক শলাগ জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.