শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ ফেব্ৰুৱাৰী: সাম্প্ৰতিক কালত বিশ্ব জুৰি ভয়ানক ভাৱে বৃদ্ধি পাই অহা আৱৰ্জনাই পৰিবেশ বিনষ্ট কৰাৰ লগতে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰি আহিছে। ইতিমধ্যে স্বাস্থ্যকৰ আৰু পৰিস্কাৰ চহৰ হিচাপে কেবাবাৰো স্বীকৃতি পোৱা তেজপুৰ চহৰো আজি এই ভাবুকিৰ সন্মুখীন হৈ আহিছে। এই তেজপুৰ চহৰৰ ঠায়ে ঠায়ে বৃদ্ধি পোৱা আবৰ্জনাই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে “ঝলঝলা”(এক স্বচ্ছতাৰ প্ৰতিশ্ৰুতি) নামৰ অসম ভিত্তিক স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ । শৈক্ষিক, আৰ্থ-সামাজিক আৰু পৰিবেশ ৰক্ষাৰ লক্ষ্য আৰু উদ্যেশ্য আগত ৰাখি এই অনুষ্ঠানটোৱে ইতিমধ্যে ধুবুৰী আৰু তেজপুৰত কেইবাটাও কৰ্মশালা, সজাগতামূলক সভা আদি অনুষ্ঠিত কৰিছে ।সেই একে উদ্যেশ্যেৰে আজি তেজপুৰ চহৰৰ লক্ষীধৰ শৰ্মা পথৰ শনি মন্দিৰ প্ৰাংগনত পৰিবেশ সুৰক্ষিত কৰি ৰাখিবলৈ কিদৰে ঘৰুৱা আবৰ্জনাক আবৰ্জনা বুলি নাভাৱি ঘৰতে আবৰ্জনাৰ ব্যৱস্থাপনা(waste management) কৰিব পৰা যায় সেই বিষয়ে বিস্তাৰিত ভাৱে উক্ত সভাখনত আলোকপাত কৰা হয়। সভাত সমল ব্যক্তি হিচাপে দিহা পৰামৰ্শ আগবঢ়ায় তেজপুৰ কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ৰ শক্তি বিভাগৰ অধ্যাপক ড. দেবেন্দ্ৰ বৰুৱাই । নিৰঞ্জন কলিতাই আঁত ধৰা সভা খনত ৰাজ্যিক সমিতিৰ সম্পাদিকা বকুল ৰয়ে আদৰণি ভাষণ আৰু ৰাজ্যিক সভাপতি অৰিজিৎ ৰয় প্ৰধানীয়ে সভাপতিত্ব কৰে। ৰাজ্যিক উপসভাপতি মৃদুল কলিতাই উদ্যেশ্য ব্যখ্যা, কোষাধ্যক্ষ শান্তনু চৌধুৰীয়ে ভৱিষ্যৎ কাৰ্য্যপন্থা, গিৰিজানন্দ ইনষ্টিটিউট অফ মেনেজমেন্ট এন্ড টেকনলজিৰ অধ্যক্ষ ড. দ্বীপল বৰুৱা, কৃতি শিক্ষয়িত্ৰী তথা সমাজকৰ্মী মায়া শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে উক্ত সভাত সাৰুৱা ভাষণেৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। লগতে উক্ত স্থানৰ পৰিবেশ সুৰক্ষিত কৰি ৰাখিবৰ বাবে ড. দেবেন্দ্ৰ বৰুৱাই এজোপা নিম গছৰ পুলিও ৰোপন কৰে আৰু সম্পাদিকাৰ শলাগৰ শৰাইৰে সভাৰ অন্ত পৰে। উল্লেখযোগ্য যে সভাৰ অন্তত উক্ত স্থান আবৰ্জনা মুক্ত কৰি ৰাখিবলৈ স্থানীয় উদীয়মান যুৱক সকলক লগত লৈ গোবিন্দ শৰ্মাই এখনি পাঁচজনীয়া তদাৰক কমিটি সৰ্বসন্মতি ক্ৰমে গঠন কৰি দিয়ে ।
পূৰ্বৱৰ্তী লেখা
পৰ্যটনৰ বিপুল সম্ভাৱনা কঢ়িয়াইছে তেজপুৰৰ ধেনুখন্দা পাহাৰৰ প্ৰস্তৰত খোদিত গণেশ মূৰ্তিয়ে
পৰৱৰ্তী লেখা