শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৯ এপ্ৰিলঃ ইউৰোপীয় দেশসমূহৰ কৃষি আৰু অনুষংগিক ক্ষেত্ৰৰ পৰ্যবেক্ষণৰ জৰিয়তে বিশেষ শিক্ষা গ্ৰহণৰ বাবে যোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৫ জনীয়া শিক্ষাৰ্থীৰ দল আজি বিদেশত উপস্থিত হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প (নাহেপ)ৰ অধীনত প্ৰশিক্ষণ তথা পৰিদৰ্শনৰ বাবে ইউনাইটেড কিংডমলৈ ৰাওনা হোৱা শিক্ষাৰ্থীসকলে আজিৰে পৰা ইউৰোপীয় বিশ্ববিদ্যালয়ত শিক্ষা আৰু প্ৰশিক্ষণ গ্ৰহণ আৰম্ভ কৰিব। সমন্বিত কৃষি ,খাদ্য,পৰিপুষ্টি আৰু স্বাস্থ্য : প্ৰকৃত জীৱন পৰীক্ষণ শিক্ষণ পদক্ষেপৰ অধীনত বিদেশলৈ যোৱা শিক্ষাৰ্থীসকলে চেন্ট্ৰেল লংকাশ্বায়াৰ বিশ্ববিদ্যালয় প্ৰিষ্টন, ইউনাইটেড কিংডমত এই উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিব । তিনিমাহজোৰা প্ৰশিক্ষণ কালত শিক্ষাৰ্থীসকলে বিদেশত সেই দেশৰ কৃষি অৰ্থনীতি তথা সামগ্ৰিক ব্যৱস্থাপনাৰ ওপৰত বিশেষভাবে শিক্ষা গ্ৰহণ কৰিব। প্ৰতিষ্ঠানিক উন্নয়ন পৰিকল্পনাৰ অধীনত এই সুবিধা লাভ কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যোৰহাট, বিশ্বনাথ আৰু ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ ভিতৰত ১২ গৰাকী শিক্ষাৰ্থী ক্ৰমে অশ্বিনী আগৰৱালা, তৃষা আগৰৱাল, প্ৰজ্বলিতা নেওগ, মিনাৰ্ভা দত্ত, সৃষ্টি চলিহা, বিতোপন দাস, মেহনাজ মেহফুজা, অংকিতা শইকীয়া, প্ৰণৱ জ্যোতি পাওৰেল, অনুৰণ বৰা, ভাগ্যশ্ৰী শৰ্মা, ৰজী ব্ৰহ্ম আৰু যোৰহাটৰ সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থী প্ৰজ্বলিতা ভট্টাচাৰ্য, ভাস্কৰ ভূষণ দে আৰু কৰিস্মিতা তালুকদাৰ আছে । নাহেপৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মুখ্য তত্বাৱধায়ক ড° কিশোৰ কুমাৰ শৰ্মাই জানিবলৈ দিয়া মতে ২৭ এপ্ৰিলত যোৰহাটৰ পৰা যাত্ৰা কৰা শিক্ষাৰ্থী সকলে আজিৰে পৰা বিদেশত নিৰ্দিষ্ট পাঠ্যক্ৰমত ভৰ্তি হৈছে আৰু জুলাইৰ মাহৰ শেষলৈকে বিদেশত অধ্যয়ন আৰু প্ৰশিক্ষণ গ্ৰহণ কৰিব।এই প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলে ইউৰোপীয় দেশসমূহৰ কৃষি আৰু অনুষংগিক ক্ষেত্ৰত ঔদ্যোগিক সামৰ্থ বৃদ্ধিৰ দিশত বিশেষভাবে প্ৰশিক্ষিত হব আৰু ইয়াৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়েও জ্ঞান বিকাশিত কৰাৰ সুযোগ পাব। সমান্তৰালভাবে শিক্ষাৰ্থী সকলক উচ্চ শিক্ষাৰ বাবে সুযোগ সৃষ্টিত অধিক লাভান্বিত হব ।