শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ছেপ্টেম্বৰ: কোনো ধৰণৰ ঘটনা ঘটিলে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ইণ্টাৰনেট বন্ধ কৰি দিয়ে প্ৰশাসনে। ৰাজনৈতিক হিংসাৰ ক্ষেত্ৰতেই হওক বা ব’ৰ্ড পৰীক্ষাৰ ক্ষেত্ৰতেই হওক, বিভিন্ন ক্ষেত্ৰত এই পদ্ধতি গ্ৰহণ কৰা হয়। কোনো কোনো ঠাইত কেইবাদিনো বন্ধ হৈ থাকে ইণ্টাৰনেট সেৱা। কিন্তু এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট নিয়ম বা নীতি আছেনে? ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক প্ৰশ্ন কৰে। শেহতীয়াকৈ পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানৰ বিভিন্ন প্ৰান্তত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সময়ত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছিল। এটা সংগঠনে এই বিষয়টো উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থজড়িত গোচৰ তৰিছিল। তেওঁলোকৰ প্ৰশ্ন আছিল— কোনো এটা অঞ্চলত হঠাতে ইণ্টাৰনেট বন্ধ কৰাৰ বাবে প্ৰশাসনৰ কিবা নিয়ম বা নীতি আছেনে? দাবী কৰা হৈছে, এই সিদ্ধান্তই মৌলিক সুবিধাসমূহত বাধাৰ সৃষ্টি কৰে। এই গোচৰৰ শুনানিত মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত এখন সংমণ্ডল বিচাৰপীঠে কয় যে চাৰিখন ৰাজ্যক জাননী দিয়াৰ পৰিৱৰ্তে তেওঁলোকে পোনপটীয়াকৈ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ক জাননী প্ৰদান কৰিব— এই ক্ষেত্ৰত কিবা নিয়ম থাকিলে তেওঁলোকক জনাওক। বিচাৰপীঠে কয়— “আমি কেৱল মন্ত্ৰালয়লৈ জাননী জাৰি কৰিছোঁ। এই সন্দৰ্ভত নিৰ্দিষ্ট নিয়ম আছে নে নাই সেয়া বুজিব লাগিব।” আবেদনকাৰীৰ অধিবক্তাই প্ৰশ্নৰ সময়ত কয় যে, প্ৰশাসনে যুক্তি দিছে যে ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে যাতে পৰীক্ষাৰ্থীসকলে পৰীক্ষাত প্ৰতাৰণা কৰিব নোৱাৰে বা অসৎ পদ্ধতি গ্ৰহণ কৰিব নোৱাৰে। কিন্তু খুচুৰা বজাৰৰ পৰা আৰম্ভ কৰি চৰকাৰী সেৱা, বিভিন্ন মৌলিক সুবিধা আৰু কল্যাণমূলক ব্যৱস্থাও অনলাইনত সংযোগ কৰা হৈছে। তেওঁৰ প্ৰশ্ন— “য’ত সকলো ডিজিটেলাইজ কৰা হৈছে, কিছুমান বিশেষ অঞ্চলত জামাৰ আদি স্থাপন কৰি ইণ্টাৰনেট সেৱা বন্ধ কৰাটো মানৱ অধিকাৰৰ ওপৰত হস্তক্ষেপ নহয়নে?”
