ইতিহাস সৃষ্টিৰে গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস ‘ৰেত সমাধি’ ৰ ইংৰাজী অনুবাদ ‘Tomb of Sand’ লৈ বুকাৰ পুৰস্কাৰ

0 106

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ মে’ : অৱশেষত ভাৰতীয় সাহিত্যত আৰু এটা মাইলৰ খুঁটি স্থাপিত হ’ল। ভাৰতীয় সাহিত্যত ইতিহাস ৰচনা কৰি লেখিকা গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস ‘ৰেত সমাধি’ ৰ ইংৰাজী অনুবাদ ‘Tomb of Sand’ এ লাভ কৰিলে ২০২২ চনৰ আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰ। কালি ঘোষণা কৰা এই সন্মানীয় বঁটা লাভ কৰা ভাৰতীয় যি কোনো ভাষাৰ এইখন প্ৰথম গ্ৰন্থ। সাধাৰণতে বিশ্বৰ যিকোনো ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা গ্ৰন্থ আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰৰ বাবে বিবেচিত হয়। ২০২২ বৰ্ষৰ বাবে বাৰখন ভিন ভিন দেশৰ এঘাৰটা ভাষাৰ তেৰখন উপন্যাস এইবাৰ বিচাৰকৰ প্ৰাথমিক তুলাচনীত উঠিছিল। ইয়াৰে পৰা পুনৰ ছখন গ্ৰন্থ চূড়ান্ত পৰ্যায়ৰ বাবে মনোনীত হৈছিল। ইয়াৰে এখন আছিল গীতাঞ্জলি শ্ৰীৰ ৰেত সমাধিৰ ইংৰাজী অনুবাদ ‘Tomb of Sand’। নতুন দিল্লী নিবাসী ৬৪ বছৰ বয়সীয়া গীতাঞ্জলি শ্ৰীয়ে ইতিমধ্যে তিনিখন উপন্যাস আৰু কেইবাটাও চুটি গল্পৰ সংকলন ৰচনা কৰিছে। ‘ৰেত সমাধি’ অৰ্থাৎ বালিৰ সমাধি উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেইজী ৰকৱেলে। এগৰাকী চিত্ৰশিল্পী, লেখক আৰু অনুবাদক ডেইজীয়ে ইতিমধ্যে হিন্দী আৰু উৰ্দু ভাষাৰ কেইবাখনো গ্ৰন্থ ইংৰাজী ভাষালৈ অনুবাদ কৰিছে। গীতাঞ্জলি শ্ৰীৰ কৰ্মৰাজি ইংৰাজীৰ উপৰি ফৰাচী, জাৰ্মান, ছাৰ্বিয়ান আৰু কোৰিয়ান ভাষালৈ অনুবাদ হৈছে। ‘Tomb of Sand’ উপন্যাসখন প্ৰকাশ কৰিছে বৃটেইনৰ সৰু এটা প্ৰকাশন সংস্থা Tilted Axis Press এ। এইবছৰ আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰৰ বিচাৰকমণ্ডলীৰ সদস্যসকল আছিল লেখক আৰু শিক্ষাবিদ মাৰ্ভ এমৰে’, লেখক আৰু আইনজীৱী পেটিনা গাপাহ, লেখক, কৌতুকাভিনেতা তথা টেলিভিছন, ৰেডিঅ’ৰ প্ৰেজেণ্টাৰ ভিভ গ্ৰছক’প আৰু লেখক, অনুবাদক জেৰেমি টিয়াং। সন্মানীয় পুৰস্কাৰটো গ্ৰহণ কৰা বক্তৃতাত গীতাঞ্জলি শ্ৰীয়ে কৈছে, “I never dreamt of the Booker, I never thought I could. What a huge recognition, I’m amazed, delighted, honoured and humbled !” পুৰস্কাৰৰ মূল্য ৫০,০০০ পাউণ্ড মূল লেখিকা আৰু অনুবাদকৰ মাজত সমানে ভগাই দিয়া হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.